বিশ্বনাথ, 10 আগষ্ট : পেট্ৰ’ল-ডিজেলকে (Petrol-Diesel) ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে দৈনিক বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ সোমবাৰেও বিভিন্ন জিলাত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে দল-সংগঠনে ৷ বিশ্বনাথত (Biswanath District) সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আৰু বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সহযোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি (BJP) মিত্ৰজোঁট চৰকাৰখনক তীব্ৰ কটাক্ষ কৰে আছুৰ নেতাসকলে ৷ দেশত ক'ভিড সৃষ্ট পৰিৱেশৰ কাৰণে ৰাজ্যৰ সাধাৰণ ৰাইজ আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৷ তেনে সময়তে প্ৰত্যেক দিনাই পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি পাইছে ৷ মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ চৰকাৰৰ কোনো কাণসাৰ নাই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক -মূল্যবৃদ্ধিকে ধৰি বিভিন্ন দাবীত বঙাইগাঁৱত উত্তাল প্ৰতিবাদ
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত একপ্ৰকাৰ হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে জনসাধাৰণে ৷ মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ সাধাৰণ ৰাইজৰ সমস্যাক বুঢ়া আঙুলি দেখুৱাই নিজৰ গাদী ৰক্ষা কৰাতহে ব্যস্ত বুলি তীব্ৰ কটাক্ষ কৰে আছু কৰ্মীসকলে ৷
উৎকট গৰমত দহিছে ৰাজ্য়বাসী ৷ বিগত প্ৰায় এমাহ ধৰি বিশ্বনাথ মহকুমাত বিদ্যুৎ যোগান অনিয়মীয়া হোৱাৰ বিৰুদ্ধে অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে । যাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আছুৱে । ৰাইজৰ পৰা বিদ্যুৎ বিভাগে বিজুলীৰ মাচুল সংগ্ৰহ কৰে ঠিকেই ৷ কিন্তু ইয়াৰ বিপৰীতে বিদ্যুৎ যোগানতহে ব্যাপক খেলিমেলি কৰে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷
এনে ধৰণৰ অনিয়মৰ ফলত অসমৰ জনসাধাৰণ আৰু ছাত্ৰ-ছাত্ৰীয়ে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি অভিযোগ উঠিছে ৷ বিশ্বনাথ চাৰিআলি পুলিচ পইণ্টত (Police Point) প্ৰায় দুই শতাধিক ছাত্ৰ কৰ্মীৰ সহযোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে আছুই । উক্ত কাৰ্যসূচীতে ভাৰতৰ পেট্ৰ'লিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ উপায়ুক্তৰ জৰিয়তে দুখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক- বিলাসীপাৰাত PMAY গৃহ নিৰ্মাণত লুণ্ঠনৰাজৰ অভিযোগ