অসম

assam

ETV Bharat / state

Farming in Biswanath: শাক-পাচলি খেতিৰে স্ব-সংস্থাপনৰ পথ মুকলাইছে 4 অসমীয়া যুৱকে - biswanath

বিশ্বনাথ চাৰিআলি পানীভঁৰালৰ ৪ জনকৈ শিক্ষিত নিবনুৱা যুৱকে শাক-পাচলি খেতিৰে সংস্থাপনৰ পথ মুকলি কৰিছে । প্ৰায় ১০/১২ বিঘা মাটিত বিগত কেইবা বছৰ ধৰি বিভিন্ন পাচলিৰ খেতি কৰি আহিছে যুৱক কেইজনে ৷

cultivating vegetables
খেতিৰে সংস্থাপনৰ পথ মুকলি অসমীয়া যুৱকৰ

By

Published : Jul 22, 2023, 7:56 PM IST

খেতিৰে সংস্থাপনৰ পথ মুকলি অসমীয়া যুৱকৰ

বিশ্বনাথ, ২২ জুলাই : ৰাজ্যত এতিয়া অসমীয়া ল’ৰাই খেতি কৰা নকৰাক কেন্দ্ৰ কৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । ইফালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো অসমীয়া ল’ৰাক খেতি পথাৰত নামিবলৈ আহ্বান জনাই আহিছে ।

আনহাতে ৰাজ্যত মিঞাই খেতি কৰা বিষয়টো সন্দৰ্ভত চৰ্চা চলি থকা সময়তে বিশ্বনাথত দেখা গৈছে অসমীয়া যুৱকে শাক-পাচলিৰ খেতি কৰি সংস্থাপনৰ পথ মুকলি কৰা । এয়া হৈছে বিশ্বনাথৰ পানীভঁৰাল গাঁৱৰ নিৱনুৱা কেইজনমান যুৱকে প্ৰায় ১০/১২ বিঘা মাটিত বিগত কেইবা বছৰ ধৰি কৰি অহা বিভিন্ন শাক-পাচলিৰ খেতি । যুৱক কেইজনে বিশেষকৈ জিকা, লেচেৰা মাহ, তিতা কেৰেলা, কোমোৰা আদি শাক-পাচলিৰ খেতি কৰি নিজৰ সংস্থাপনৰ পথ মুকলি কৰিছে ।

উল্লেখ্য যে, বিশ্বনাথ চাৰিআলি পানীভঁৰালৰ ৪ জনকৈ শিক্ষিত নিবনুৱা যুৱক মানস ভূঞা, গৌতম দাস বড়ো, হেমন্ত বৰুৱা, দিলীপ শইকীয়া, অনন্ত কোঁচ নামৰ যুৱক কেইজনে পথাৰো আমাৰ বজাৰো আমাৰ বাক্য শাৰী সৰোগত কৰি লৈ নিজেই খেতি কৰিবলৈ আৰম্ভ কৰে । বিগত বৰ্ষতকৈ এই বছৰ শাক-পাচলিৰ খেতি কৰি বহুগুণে উপকৃত হোৱা বুলি উল্লেখ কৰে তেওঁলোকে ।

আনহাতে পূৰ্বে জিকাৰ প্ৰতি কেজিৰ বজাৰ মূল্য আছিল ১০ পৰা ২০ টকা যদিও এতিয়া প্ৰতি কিলো জিকাৰ বজাৰ মূল্য ১০০/৮০ টকা ৷ বিক্ৰী হৈছে যদিও কৃষকে প্ৰকৃততে ২৫/৩০ টকাহে পোৱা বুলি প্ৰকাশ কৰে । বেপাৰীয়ে কৃষক পৰা ২৫/৩০ টকাত ক্ৰয় কৰি ৮০/১০০ টকাত বজাৰত বিক্ৰী কৰা বুলি উল্লেখ কৰে তেওঁলোকে । এই নিৱনুৱা যুৱক কেইজনে শাক পাচলিৰ লগতে কৰিব বিচাৰিছে ফল-মূলৰ খেতি ৷ সেয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ফলমূলৰ খেতি কৰাত সহায়ৰ হাত আগবঢ়ালৈ অনুৰোধ জনাইছে অসমীয়া যুৱক কেইজনে ৷

লগতে পঢ়ক :Cancer-prone village in Assam: অসমৰ এখন বিশেষ গাঁও, প্ৰতি ঘৰে ঘৰে আছে কৰ্কট ৰোগী

ABOUT THE AUTHOR

...view details