বহিঃৰাজ্যত অসমীয়া যুৱকক মৰিয়াই হত্যা - স্কৰপিঅ' আৰু অন্য এখন বাহনৰ মাজত দুৰ্ঘটনা

10:09 October 09
উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
বিশ্বনাথ, 9 অক্টোবৰ : অৰুণাচল প্ৰদেশৰ নাহৰলগুনত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ স্কৰপিঅ' আৰু অন্য এখন বাহনৰ মাজত দুৰ্ঘটনাক কেন্দ্ৰ কৰি এজন অসমীয়া যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰে একাংশ উত্তেজিত লোকে ৷ গাড়ীত সামান্য দাগ লগাৰ বাবেই উত্তেজিত লোকসকলে মৰিয়াই হত্যা কৰে যুৱকজনক ৷ ঘটনাক কেন্দ্ৰ কৰি নাহৰলগুনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
এই হত্যাৰ প্ৰতিবাদত একাংশ অৰুণাচলী লোকে নাহৰলগুন থানাত হত্যাকাৰীৰ শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ উল্লেখ্য যে, মৃত যুৱকজন বিশ্বনাথ চাৰিআলিৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পাছতে ৰাজ্য দুখনৰ মাজত শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে সচেতন মহলে ৷