বিহালী, 24 জুন :স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন বিশ্বনাথৰ এগৰাকী শিক্ষিত যুৱক ৷ নিজৰ কৰ্মোদ্যমেৰে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে বিশ্বনাথৰ বিহালীৰ সমষ্টিৰ হাতীবন্ধা গাঁৱৰ যুৱকজনে (Assam youth become self reliant) ৷ নাম গিৰিণ কটকী ৷
যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়ত বিহালীৰ এইগৰাকী শিক্ষিত যুৱকে ঘৰতে লেয়াৰ মুৰ্গীৰ কণী উৎপাদনৰ ফাৰ্ম খুলি উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে (Self reliant through Egg production) ৷ গিৰিণ কটকীয়ে প্ৰথমে ইউটিউবৰ জৰিয়তে লেয়াৰ মুৰ্গীৰ কণী উৎপাদনৰ কৌশলৰ বুজ লৈছিল ৷
তাৰ পাচত তেওঁ এই সন্দৰ্ভত যোৰহাটৰ বাহুবলী ফাৰ্মৰ জৰিয়তেও সবিশেষ তথ্য যুগুত কৰিছিল ৷ আনকি এই সন্দৰ্ভত কটকীয়ে কুকুৰা বিভাগৰ (poultry department) উপ পৰিচালক জ্যোতি প্ৰসাদ কলিতাৰ সৈতে যোগাযোগ কৰি দিহা পৰামৰ্শ গ্ৰহণ কৰিছিল ৷ সকলোৰে দিহা-পৰামৰ্শ লৈ এখনি সৰু লেয়াৰ মূৰ্গীৰ ফাৰ্ম আৰম্ভ কৰে ৷