অসম

assam

ETV Bharat / state

বিশ্বনাথত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ আয়োজন - child

বিহালী উন্নয়ন খণ্ডৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কাইলৈ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা বিশ্ব শিশু শ্ৰম বিৰোধী কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু অংশগ্ৰহণ জিলা প্ৰশাসনে আন্তৰিকতাৰে কামনা কৰিছে ।

বিশ্বনাথত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ আয়োজন

By

Published : Jun 11, 2019, 9:09 PM IST

বিশ্বনাথ, ১১জুনঃ সমগ্ৰ বিশ্বৰ লগতে বিশ্বনাথ জিলাতো বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে ।

তেজপুৰৰ সহকাৰী শ্ৰম আয়ুক্ত এছ ভট্টাচাৰ্যই জনোৱা অনুসৰি জিলা আইনী সাহায্য সমিতিৰ সহযোগত জিলা শ্ৰমিক কল্যাণ বিভাগে এই দিৱস উপলক্ষে সভা আৰু সজাগতা শিবিৰৰ আয়োজন কৰিছে। সাকোমঠা, বিশ্বনাথ, বাঘমৰা আৰু বিহালী উন্নয়ন খণ্ডৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কাইলৈ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা এই কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু অংশগ্ৰহণ জিলা প্ৰশাসনে আন্তৰিকতাৰে কামনা কৰিছে ।

লগতে আন এটা বাতৰি- ড০ পীতাম্বৰ দেৱ গোস্বামীৰ জন্ম দিৱস উদযাপন

ABOUT THE AUTHOR

...view details