বিশ্বনাথ,19 ফেব্ৰুৱাৰী:বৃহস্পতিবাৰে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ( আটছা) প্ৰতিবাদ ৷ চাহ শ্ৰমিক আৰু জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা আটছা, নদুৱাৰ, বিহালী আৰু গহপুৰ শাখা সমিতিৰ সহযোগত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
বিশ্বনাথত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়
চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, জনজাতিকৰণৰ মৰ্যাদা প্ৰদান আৰু ভূমি পট্টা প্ৰদান কৰা আদি সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিশ্বনাথত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদান কৰা আদি সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । ইফালে এই দাবীসমূহ শীঘ্ৰে পূৰণ নকৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে বাগিচাই বাগিচাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।
লগতে পঢ়ক:নিৰ্বাচনক লৈ তিনি বিপিএফ নেতাৰ গোপন বৈঠক