বিশ্বনাথ, 25 নৱেম্বৰঃ বিহালীত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদ ৷ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবেক দাসৰ নেতৃত্বত ৰূপায়ণ কৰা হয় উক্ত প্ৰতিবাদী কাৰ্যসূচী ৷ অসমত বন্ধ হৈ থকা কাগজ কল,নামৰূপৰ সাৰ কাৰখানা শীঘ্ৰে মুকলি কৰাৰ লগতে অসমৰ উদ্যোগ সমূহৰ ব্যক্তিগত কৰণ নকৰা আদি বিভিন্ন দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে, অসম চৰকাৰক অসমত উদ্যোগ স্থাপন কৰিবলৈ আহ্বান জনায় কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবেক দাসে ৷ যাতে কোনে অসমীয়া যুৱকক বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় ৷
বিশ্বনাথত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদ - Assam Sangrami Tea Labour Union protest
অসম চাহ নিগম,ৰাজ্যত বন্ধ হৈ থকা চৰকাৰী উদ্যোগ সমুহ শীঘ্ৰে কাৰ্যক্ষম কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৭৫ টকালৈ বৃদ্ধি কৰা আদি বিভিন্ন দাবীৰে বিহালী উন্নয়ন খণ্ডত ধৰ্ণা কায্যসূচী ৰূপায়ণ কৰে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই ৷
অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদ