অসম

assam

ETV Bharat / state

প্ৰকৃতি প্ৰেমৰ বাবে পদযাত্ৰা কৰা যুৱকক সাক্ষাৎ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ - গছ সুৰক্ষা সজাগতা বৃদ্ধি

প্ৰকৃতিৰ সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰা কৰা যুৱকক সাক্ষাৎ কৰি শুভেচ্ছা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই(Assam Sahitya Sabha general secretary Jadab Sarma) ৷ সবিশেষ জানো আহক ৷

Assam Sahitya Sabha GS Jadab Sarma meets environmental activist
প্ৰকৃতি প্ৰেমৰ বাবে পদযাত্ৰা কৰা যুৱকক সাক্ষাৎ সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ

By

Published : Dec 31, 2021, 10:06 PM IST

বিশ্বনাথ, ৩১ ডিচেম্বৰ :অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত সজাগতা আৰম্ভ কৰিছে এজন প্ৰকৃতি প্ৰেমী অসমীয়া যুৱকে । ২০১৯ চনৰ পৰা সমগ্ৰ অসমৰ ৩৬ খন জিলাৰ লগতে ভাৰত বৰ্ষৰ বহু কেইখন ৰাজ্যত এই সজাগতা আৰম্ভ যুৱকজনে । গৌৰী শংকৰ কলিতা নামৰ প্ৰকৃতিপ্ৰেমী যুৱকজনৰ সজাগতাৰ উদ্দেশ্য পৰিৱেশ সুৰক্ষা, গছ সুৰক্ষা, প্লাষ্টিক বৰ্জন,ৰক্ত দান আদি(Environmental awareness by Assam guy across country) । এই সজাগতা দেশৰ বিভিন্ন ৰাজ্য লগতে অসমতো পদযাত্ৰাৰ জৰিয়তে আৰম্ভ কৰিছে যুৱকজনে ।

গৌৰী শংকৰ কলিতা নামৰ যুৱক জন পদ যাত্ৰাৰ (Environmental awareness walk by Gauri shankar kalita) জৰিয়তে শুকুৰবাৰে বিহালী সমষ্টিৰ বৰগাংত উপস্থিত হয় । ইফালে, বৰগাংত উপস্থিত হোৱা সময়তে তেওঁৰ সাক্ষাৎ হয় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ সৈতে । বিশেষ কামত ধেমাজি দিশে গৈ থকা প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা (Assam Sahitya Sabha general secretary Jadab Sarma)ই বৰগাংত গৌৰী শংকৰ কলিতা নামৰ যুৱক জনক সাক্ষাৎ কৰে ৷

যুৱকজনক লগ পাই কিছু কথা আলোচনা কৰাক লগতে প্ৰকৃতিৰ বাবে যি সজাগতা সৃষ্টি অব্যাহত ৰাখিছে যুৱক জনে তাৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক :বিধায়ক শশীকান্ত দাসক কংগ্ৰেছৰ পৰা নিলম্বন

ABOUT THE AUTHOR

...view details