অসম

assam

ETV Bharat / state

অসম ৰাইফলছৰ লখৰা বেটেলিয়নৰ গছপুলি ৰোপণ কাৰ্যসূচী - 21 sector Assam Rifles

অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় 21 ছেক্টৰ অসম ৰাইফলছ (21 sector Assam Rifles) আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (পূব)ৰ অধীনত লখৰা বিএনে বৃহস্পতিবাৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ (Global warming) ওপৰত এক সজাগতা সভাৰ আয়োজন কৰে ।

অসম ৰাইফলছৰ লখৰা বেটেলিয়নৰ গছপুলি ৰোপণ কাৰ্যসূচী
Assam Rifles

By

Published : Jun 24, 2022, 1:33 PM IST

বিশ্বনাথ, ২৪ জুন :অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অসম ৰাইফলছে (Assam Rifles takes welfare scheme) বিভিন্ন সমাজসেৱামূলক কামত অংশগ্ৰহণ কৰি আহিছে । বিভিন্ন সমাজকল্যাণমূলক কাম, স্বাস্থ্য সজাগতামূলক কাৰ্যসূচী, পৰিৱেশ সুৰক্ষা আদিৰ দিশত অসম ৰাইফলছে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ।

শেহতীয়াভাৱে বিশ্ব যোগ দিৱসত অসম ৰাইফলছে (Assam Rifles celebrate Yoga Day) ৰাজ্যৰ বিভিন্ন স্থানত যোগ শিবিৰ অনুষ্ঠিত কৰি ৰাইজক যোগৰ দ্বাৰা ৰোগ নিৰাময় তথা সু-স্বাস্থ্যৰ অধিকাৰী হোৱাৰ বাবে সজাগতা অভিযান চলাইছে । এইবাৰ অসম ৰাইফলছে গ্ৰহণ কৰিছে আন এক কাৰ্যসূচী । পৰিৱেশ সংৰক্ষণৰ ওপৰত গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী (Environment conservation scheme by Assam Rifles)।

অসম ৰাইফলছৰ গছপুলি ৰোপণ আৰু সজাগতামূলক কাৰ্যসূচী

অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় 21 ছেক্টৰ অসম ৰাইফলছ (21 sector Assam Rifles) আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (পূব)ৰ অধীনত লখৰা বিএনে বৃহস্পতিবাৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ (Global warming) ওপৰত এক সজাগতা সভাৰ আয়োজন কৰে । লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাইফলছৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচীও (plantation programme) ৰূপায়ণ কৰা হয়। লখৰাত ৰূপায়ণ কৰা এই কাৰ্যসূচীত অশোক, মধুৰিআম আৰু হাতী আপেলকে ধৰি প্ৰায় 100টা গছপুলি ৰোপণ কৰে অসম ৰাইফলছে ।

অসম ৰাইফলছৰ সূত্ৰই জনোৱা মতে, অনুষ্ঠানটোৰ আয়োজনৰ উদ্দেশ্য আছিল পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ সকলোৰে মাজত সজাগতাৰ সৃষ্টি কৰা । লগতে পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰত অৰিহণা যোগোৱা । উক্ত কাৰ্যসূচীত অসম ৰাইফলছৰ মুঠ ৭২ জন কৰ্মচাৰী আৰু অসামৰিক লোকে অংশগ্ৰহণ কৰা বুলি লখৰা অসম ৰাইফলছে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Maharashtra political crisis: ৰেডিশ্বনত অব্যাহত মহাৰাষ্ট্ৰৰ শ্বাসৰুদ্ধকাৰী ৰাজনৈতিক নাটক

ABOUT THE AUTHOR

...view details