বিশ্বনাথ, ১১ জুলাইঃ বিশ্বনাথ চাৰিআলি ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা পলাল দুজন কয়দী । পলোৱা কয়দী কেইজনৰ নাম ছাহজাহান আৰু মুস্তাফা বুলি জানিব পৰা গৈছে ।
হাতত হেণ্ডকাফ লৈ পলাল কয়দী
বিশ্বনাথ চাৰিআলি ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা পলাল দুজন কয়দী । পলোৱা কয়দী কেইজনৰ নাম ছাহজাহান আৰু মুস্তাফা বুলি জানিব পৰা গৈছে । অৱশ্যে আৰক্ষীয়ে খেদি খেদি ছাজাহান আলী নামৰ কয়দী জনক নিলপুৰ চাহ বাগিচাৰ পৰা পুনৰ কৰায়ত্ত কৰে ৷
হাতত হেণ্ডকাফ লৈ পলাল কয়দী
কিন্তু মুস্তাফা নামৰ কয়দী জনক বৰ্তমানেও আটক কৰিব পৰা নাই আৰক্ষীয়ে । কিন্তু আৰক্ষীয়ে মুস্তাফাক আটক কৰিবলৈ অব্যাহত ৰাখিছে অভিযান । জিলা কাৰাগাৰৰ পৰা আদালতত হাজিৰ কৰিবলৈ অনাৰ সময়তে পলায়ন কৰে কয়দী দুজন৷আনহাতে হাতত হেণ্ডকাফ সহ পলায়ন কৰিছে মুস্তাফাই ৷ আদালতৰ সুৰক্ষা ব্যৱস্থা সোপাধিলা হোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে ৷
লগতে আন এটা বাতৰি- ৰাভা দিৱসৰ চান্দা নিদিয়াৰ বাবে জ্বলাই দিলে বিজেপি নেতাৰ ঘৰ