বিশ্বনাথ, ১৭ অক্টোবৰ :হঠাৎ বিশ্বনাথত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ ৷ কিয়নো দেওবাৰে বিশ্বনাথ চাৰিআলিৰ আৰক্ষীৰ জালত পৰিছে আফগানিস্তানৰ এজন নাগৰিক ৷ বৈধ নথি পত্ৰ হাতত নথকাৰ বাবেই বিশ্বনাথ আৰক্ষীয়ে আটক কৰে আফগান নাগৰিকজনক ৷ জানিব পৰা মতে, আটকাধীন আফগান লোকজনৰ নাম হৈছে জেৰিন মহম্মদ লালাক (২১) ।
বিশ্বনাথ পৰা লখিমপুৰ অভিমুখে অহা যাত্ৰীবাহী বাছত যাবলৈ চেষ্টা কৰা সময়তে বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে আটক কৰে লোকজনক । অৱশ্যে যুৱকজনে ম’বাইলৰ জৰিয়তে আৰক্ষীক পাচপ’ৰ্ট আৰু ভিছা দেখুৱাইছিল যদিও প্ৰকৃত নথি-পত্ৰ আৰক্ষীক দেখুৱাবলৈ সক্ষম নোহোৱাত আৰক্ষীয়ে আটক কৰে যুৱক জনক ।
ভাৰত তথা অসমৰ বিভিন্ন ঠাইত কাপোৰৰ ব্যৱসায় কৰি থকা বুলি উল্লেখ কৰিছে আটকাধীন জেৰিন মহম্মদ লালাকে ৷