অসম

assam

ETV Bharat / state

বিহালীত ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি ৰাখি চাইকেল ৰেলী - অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ সন্মান

দেওবাৰে নেচাৰ্চ বন্যপ্ৰাণ, বিশ্বনাথ জিলা আৰক্ষী আৰু পূৱ শোণিতপুৰ বন সংমণ্ডলে বিহালীত বাহিৰ কৰে চাইকেল ৰেলী (Assam police Cycle Rally at Behali) ৷ অসম আৰক্ষীয়ে লাভ কৰা দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি এই চাইকেল ৰেলী বাহিৰ কৰা হয় ৷

assam-police-cycle-rally-at-behali-in-biswanath
বিহালীত ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি চাইকেল ৰেলী

By

Published : May 8, 2022, 9:55 PM IST

বিশ্বনাথ, 8মে’: ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাবেৰে আৰু উৎকৃষ্ট মানবিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মান (President's colour award to Assam police) ৷ অসম আৰক্ষীয়ে লাভ কৰা দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি ৰাখি অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী (Celebration of winning President's Colour Award) ৷

দেওবাৰে এই উপলক্ষে নেচাৰ্চ বন্যপ্ৰাণ, বিশ্বনাথ জিলা আৰক্ষী আৰু পূৱ শোণিতপুৰ বন সংমণ্ডলে বিহালীত বাহিৰ কৰে এক চাইকেল ৰেলী (Assam police Cycle Rally at Behali) ৷ লগতে বন্যপ্ৰাণী ৰক্ষণাবেক্ষণ আৰু গঁড় হত্যা বন্ধ কৰা আৰু আৰক্ষী-সাধাৰণ জনতাৰ মাজত সু-সম্পৰ্ক ৰক্ষাৰ উদ্দেশ্যে এই ৰেলী বাহিৰ কৰে ৷

বিহালীত ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি চাইকেল ৰেলী

এই চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে বিহালী সমষ্টিৰ অন্যতম প্ৰকৃতি প্ৰেমী সংস্থা নেচাৰ্চ বন্যপ্ৰাণৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই । এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি আৰক্ষীয়ে যি সাধাৰণ জনতাৰ মাজত এটা সু-সম্পৰ্কৰ বাবে সজাগতা সৃষ্টি কৰিছে তাৰ বাবে আমি আদৰণি জনাই আমিও সহযোগিতা আগবঢ়াইছোঁ বুলি মন্তব্য কৰে ৷

ইফালে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰি কয় আগন্তুক 10 মে’ কেন্দ্ৰীয় চৰকাৰে যি President colour Awad প্ৰদান কৰিব অসম আৰক্ষীক তাক লৈ আমি গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য কৰে ৷ লগতে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষা বাবে এই চাইকেল ৰেলী জৰিয়তে সজাগতা সৃষ্টি কৰা বুলি আৰক্ষী অধীক্ষক নবীন সিঙে মন্তব্য কৰে ।

লগতে পঢ়ক :আলফাৰ ভিতৰত থকা বহুতকে গোপনে হত্যা কৰিছে আলফাই : ভাস্কৰ জ্যোতি মহন্ত

ABOUT THE AUTHOR

...view details