বিশ্বনাথ, 9 এপ্ৰিল : সমগ্ৰ দেশতে অব্যাহত আছে লক্ ডাউন । ২১ দিনীয়া লক্ ডাউনৰ ফলত একাংশ দৰিদ্ৰ লোকে এতিয়া এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ আনহাতে লক্ ডাউনৰ সময়চোৱাত ভাৰতবৰ্ষ তথা অসমতো উদ্যোগ সমূহ বন্ধ হৈ থকাত এতিয়া একাংশ দৰিদ্ৰ শ্ৰমিকৰ মাজতো খাদ্য সংকটে দেখা দিছে ৷
মোনাবাৰী বাগিচাৰ শ্ৰমিকক চাউল বিতৰণ ৰঞ্জিত দত্তৰ - asia's second largest tea garden
এছিয়া দ্বিতীয় বৃহৎ চাহ বাগিচা হিচাপে পৰিগণিত মোনাবাৰী চাহ বাগিচাত শ্ৰমিকৰ খাদ্য সামগ্ৰীৰ নাটনি। 4000 শ্ৰমিকক খাদ্য যোগান ধৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই ৷
ASSAM MINISTER RANJIT DUTTA DISTRIBUTED RICE IN MUNABARI TEA ESTATE
আনহাতে চাহ বাগিচাৰ পৰিচালকগৰাকীয়ে প্ৰকাশ কৰে যে, এই বিপদৰ সময়ত শ্ৰমিক সকলক উপযুক্ত প্ৰাপ্য মজুৰী সময়ত দিব পৰা নাই ৷ যিহেতু চাহ বাগিচাত এই সময়চোৱাত কল ঘৰ বন্ধ হৈ থকাৰ বাবে উৎপাদন কাৰ্য স্থগিত ৰাখিব লগীয়া হৈছে ৷ তেনে সময়ত মন্ত্ৰী গৰাকীয়ে শ্ৰমিক সকলক খাদ্য-সামগ্ৰী আগবঢ়াই যথেষ্ট উপকৃত কৰিছে বুলি মন্তব্য কৰে পৰিচালকগৰাকীয়ে ৷
লগতে পঢ়ক :নিজামুদ্দিনলৈ নগ'লে অসমত লকডাউনৰ প্ৰয়োজন নহ'ল হেতেন: ৰণজিৎ কুমাৰ দাস