অসম

assam

ETV Bharat / state

Man killed miscreants: গহপুৰৰ বাবুল বৰাৰ বাসগৃহত কান্দোনৰ ৰোল - গহপুৰৰ বাবুল বৰাৰ বাসগৃহত কান্দোনৰ ৰোল

কৰ্মসংস্থাপন বিচাৰি গৈ বহিঃৰাজ্যত হত্যাৰ বলি হোৱা গহপুৰৰ বাবুল বৰাৰ বাসগৃহত কান্দোনৰ ৰোল । বিহাৰৰ কিষাণগঞ্জ ৰেলৱে ষ্টেচন নৃশংসভাৱে হত্যা কৰা হৈছিল গহপুৰৰ ৰজাবাৰীৰ বাবুল বৰাৰ(Assam man killed in Kishanganj in Bihar) ।

Assam man killed in Kishanganj in Bihar
গহপুৰৰ বাবুল বৰাৰ বাসগৃহত কান্দোনৰ ৰোল

By

Published : May 17, 2023, 9:55 PM IST

Updated : May 18, 2023, 8:57 AM IST

গহপুৰৰ বাবুল বৰাৰ বাসগৃহত কান্দোনৰ ৰোল

গহপুৰ,১৭ মে':কৰ্মসংস্থাপন বিচাৰি গৈ বহিঃৰাজ্যত হত্যাৰ বলি হ'ল বিশ্বনাথৰ গহপুৰ মহকুমা সোলেঙী ৰজাবাৰীৰ গাঁৱৰ এজন যুৱক ৷ হত্যাৰ বলি হোৱা যুৱকজন আছিল শোণিতপুৰ জিলাৰ গহপুৰ মহকুমা গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙী ৰজাবাৰীৰ বাবুল বৰা(Assam man killed in Kishanganj in Bihar) ৷ অৱশেষত বুধবাৰে স্বগৃলৈ অনা হয় মৃত বাবুল বৰাৰ মৃতদেহ ।

মঙলবাৰে গহপুৰ পৰা বাবুল বৰাৰ পৰিয়ালৰ এটা দল বিহাৰৰ কিষাণগঞ্জ ৰেলৱে ষ্টেচনলৈ যাত্ৰা কৰি মৃতদেহ চমজি লৈছিল । বুধবাৰে বাবুল বৰাৰ মৃতদেহলৈ গহপুৰ ঘৰত উপস্থিত হয় পৰিয়ালৰ লোক(Tragic atmosphere at Babul Bora residence) । ইফালে মৃতদেহ ঘৰত আহি পোৱা লগে লগে এক সমগ্র অঞ্চলটো এক শোকাকুল পৰিৱেশ সৃষ্টি হোৱা লগতে কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হয়(Man killed miscreants) ।

উল্লেখ্য় যে, বিগত ৬ বছৰ ধৰি কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলীৰ CPF নামৰ এটা কোম্পানীত কাম কৰি বাবুলে পৰিয়ালটোক পোহপাল কৰাৰ লগতে ৰুগ্ন মাতৃক চিকিৎসা কৰি আছিল । ইফালে মাতৃ অধিক অসুস্থ হৈ পৰাত বাবুল বৰাই গুজৰাটৰ পৰা অসমলৈ ৰেলৰে আহি থকা সময়তে নিশা ৰেলত শ্ৰীৰামপুৰ ষ্টেচনত অচিনাক্ত দুৰ্বৃত্ত দল এটাই বাবুল বৰা কাষতে বহি থকা এজন অচিনাকি যুৱকক হত্যা কৰা প্ৰত্যক্ষ কৰিছিল ।

কিন্তু সেই ঘটনা বাবুল বৰাই প্ৰত্যক্ষ কৰা বাবেই ২৯ বছৰীয়া বাবুল বৰাকো সেই দলটোৱে হত্যা কৰিবলৈ উদ্যত হয় ৷ বাবুল বৰাই কোনোমতে ৰেল ষ্টেচনৰ বাহিৰলৈ পলায়ন কৰিবলৈ সক্ষম হয় ৷ তেওঁ সমগ্র ঘটনাৰ বিষয়ে ফোনযোগে পত্নীক অৱগত কৰি থকা সময়তে দুৰ্বৃত্তৰ দলটোৱে বৰাক ধৰি হত্যা কৰি গাড়ীত উঠাই লৈ যায় ।

ইফালে বাবুল বৰাই পত্নীক বাৰে বাৰে কৈছিল যে যি ঘটনাৰ সন্দেহত সেই দলটোৱে বাবুল বৰাক হত্যা চেষ্টা কৰিছিল সেই ঘটনাৰ সৈতে তেওঁ কোনোপ্ৰকাৰে জড়িত নহয় আৰু এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক বিষয়টো অৱগত কৰিবলৈ আহ্বান জনাইছিল বাবুল বৰাই । ইফালে শেহতীয়াকৈ বাবুল বৰাক হানি-খুচি হত্যা কৰা বুলি পৰিয়াল স্পষ্ট হোৱা লগতে বাবুল বৰা মৃতদেহ উদ্ধাৰ হৈছে বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছিল । অৱশেষত বাবুল বৰাৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতেই এই ঘটনাৰ উচিত তদন্ত দাবী কৰে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক:Guwahati Doctor Couple case: শিশু নিৰ্যাতনকাৰী চিকিৎসক দম্পতীক কঠোৰ শাস্তি প্ৰদানৰ দাবী

Last Updated : May 18, 2023, 8:57 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details