অসম

assam

ETV Bharat / state

Suspected murder case: পুনৰ বহিঃৰাজ্যৰ ৰে’ল ষ্টেচনত অসমৰ ব্যক্তিৰ ৰহস্যজনক মৃত্যু - পুনৰ ৰে’ল ষ্টেচনত অসমীয়া লোকৰ ৰহস্যজনক মৃত্যু

বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত গৈ ৰহস্যজনকভাৱে মৃত্যু হয় বিশ্বনাথৰ বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষী থানা অন্তৰ্গত ডেকা পথাৰৰ এজন লোকৰ । মৃত লোকজন কুমাৰ লামা বুলি জানিবলৈ পৰা গৈছে (Assam man dies at Naba Palem railway station) ৷

Assam man dies at Naba Palem railway station
পুনৰ বহিঃৰাজ্যৰ ৰে’ল ষ্টেচনত অসমীয়া লোকৰ ৰহস্যজনক মৃত্যু

By

Published : May 27, 2023, 8:13 PM IST

পুনৰ বহিঃৰাজ্যৰ ৰে’ল ষ্টেচনত অসমীয়া লোকৰ ৰহস্যজনক মৃত্যু

বিশ্বানাথ, ২৭ মে’:পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু এজন অসমীয়া ব্যক্তিৰ (Suspected murder case) ৷ ৰাজ্যত সঘনাই পেটৰ তাড়নাত বহিঃৰাজ্যলৈ কাম কৰিবলৈ গৈ মৃত্যুৰ হোৱা লোকৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰিছে ৷ এইবাৰ 24 মে’ত বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত গৈ ৰহস্যজনকভাৱে মৃত্যু হয় বিশ্বনাথৰ বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ডেকা পথাৰৰ এজন লোকৰ । মৃত লোকজন কুমাৰ লামা বুলি জানিবলৈ পৰা গৈছে (Assam man dies at Naba Palem railway station) ৷

উল্লেখ্য যে বিশ্বনাথৰ বিহালী সমষ্টিৰ ডেকাপথাৰৰ কুমাৰ লামা নামৰ লোকজনে যোৱা ২২ মে’ তাৰিখে কৰ্ম সংস্থাপনৰ বাবে তামিনাডুলৈ বুলি যাত্ৰা কৰিছিল (Assam man suspected death) । কিন্তু এই যাত্ৰাৰ আধা বাটতে লোকজনৰ ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে পৰিয়ালটোক অথাই সাগৰত পেলাইছে । পৰিয়ালৰ লোকে জনোৱা অনুসৰি ২২ মে' তাৰিখে সুস্থ শৰীৰে কুমাৰ লামাই নিজ ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু ২৩ মে' তাৰিখে কুমাৰ লামা নামৰ লোকজনে অন্ধ্ৰপ্ৰদেশৰ গোডাবাৰী জিলাৰ নৱ পালেম ৰে’লৱে ষ্টেচনত নামিছিল।

তাৰ পিচতে কোনো অজ্ঞাত লোকে কুমাৰ লামা নামৰ লোকজনৰ মোবাইল ফোনৰে পৰিয়ালক জানিব দিয়া অনুসৰি সেই ষ্টেচনতে শাৰীৰিকভাৱে হেনো অসুস্থ হৈ পৰে কুমাৰ লামা । যিখন ৰে’লেৰে কুমাৰ লামাই তামিলনাডুলৈ যাত্ৰা কৰিছিল সেই ৰে’লখনে লামাক ষ্টেচনতে এৰি থৈ যায় ৷ ফলত ষ্টেচনৰ আশে-পাশে থাকে কুমাৰ লামা ।

তাৰ পিচতে নিশা প্ৰায় দহ বজাত পুনৰ কুমাৰ লামাৰ মোবাইল নম্বৰৰে এজন অজ্ঞাত লোকে ফোন কৰি পৰিয়ালক জানিবলৈ দিয়ে যে তেওঁ হেনো সেই লোকজনৰ হোটেলত মোবাইল চাৰ্জ কৰিবলৈ গৈছে আৰু লোকজন অসুস্থ । লগে লগে অজ্ঞাত লোকজনক পৰিয়ালৰ লোকে কাকুতি-মিনতি কৰি কুমাৰ লামাক দুদিন ৰাখি থ'বলৈ অনুৰোধ জনায় । কিন্তু নিশা দহ বজাৰ পিচত কুমাৰ লামাৰ পৰিয়ালে কুমাৰ লামালৈ ফোন কৰোঁতে মোবাইল চুইছ অফ পায় ৷ তাৰি পিচৰে পৰা পৰিয়ালৰ লগত সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন হয় কুমাৰ লামাৰ ।

ফলত পৰিয়ালৰ লোকে বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষীৰ কাষ চাপে । জিনজিয়া আৰক্ষীৰ জৰিয়তে অন্ধ্ৰ প্ৰদেশৰ নৱ পালেম আৰক্ষীৰ লগত যোগাযোগ কৰি সমস্ত ঘটনাৰ বিষয়ে অৱগত কৰে । কিন্তু ৰহস্যজনকভাৱে ২৪ তাৰিখে অন্ধপ্ৰদেশ আৰক্ষীয়ে কুমাৰ লামাৰ মৃত্যু হোৱা বুলি জানিব দিয়ে । ইফালে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে পৰিয়ালৰ লোকক কুমাৰ লামাৰ যিসমূহ ফটো প্ৰেৰণ কৰিছে সেই ফটোত স্পষ্টকৈ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিহ্ন দেখা পোৱা গৈছে । যাৰ বাবে পৰিয়ালৰ লোক তথা স্থানীয় লোকে কুমাৰ লামাৰ এই মৃত্যু কোনো কাৰণতে স্বাভাৱিক মৃত্যু নহয় বুলি দাবী কৰিছে । এইয়া এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে মৃত পৰিয়ালৰ লোকে ।

কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ মৃত্যু হোৱাৰ পিচত অৰ্থৰ অভাৱত মৃতদেহ পৰ্যন্ত ঘৰলৈ ওভতাই আনিব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে । এতিয়া লামাৰ পত্নীৰ লগতে সন্তানে স্বামী তথা পিতৃৰ মৃতদেহ উভতাই আনিবলৈ চৰকাৰক সহায় ভিক্ষা বিচাৰিছে ৷

লগতে পঢ়ক:SI Junmoni Rabha death case: লীনা দলেৰ কাৰ্যাকালত নগাঁৱত কোন কোন আৰক্ষী বিষয়াই গঢ়িলে সম্পত্তিৰ পাহাৰ ?

ABOUT THE AUTHOR

...view details