অসম

assam

Road accident at Gohpur : মৃতকৰ পৰিয়াললৈ অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য ঘোষণা

ৰঙালীৰ আনন্দৰ মাজতে শনিবাৰে গহপুৰৰ টকৌবাৰীত সংঘটিত পথ দুৰ্ঘটনাই কাঢ়ি লৈ গ'ল একেটি পৰিয়ালৰ ৫ জনকৈ সদস্য-সদস্যাক (Five people died in road accident at Gohpur) ৷ মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা ৷

By

Published : Apr 17, 2022, 6:45 PM IST

Published : Apr 17, 2022, 6:45 PM IST

ETV Bharat / state

Road accident at Gohpur : মৃতকৰ পৰিয়াললৈ অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য ঘোষণা

five-people-died-in-road-accident-at-gohpur-in-biswanath
মৃতকৰ পৰিয়াললৈ অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য ঘোষণা

বিশ্বনাথ ১৭ এপ্ৰিল :যি সময়ত সমগ্ৰ ৰাজ্যই ৰঙালীৰ আনন্দত মতলীয়া হৈছে ৷ চাৰিওফালে এক উছৱমূখৰ পৰিবেশে বিৰাজ কৰিছে তেনে সময়তে ৰাজ্য প্ৰান্তে প্ৰান্তে সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাসমূহে সকলোকে মৰ্মাহত কৰি তুলিছে ৷

মৃতকৰ পৰিয়াললৈ অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য ঘোষণা

উল্লেখ্য যে, শনিবাৰে নিশা প্ৰায় ১২.৪৫ বজাত গহপুৰৰ টকৌবাৰীত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাই অঞ্চলটোত এক শোকৰ ছাঁ পেলাইছে (Road accident at Gohpur) ৷

যি দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে 5 জনকৈ লোকৰ ৷ জানিব পৰা মতে, শনিবাৰে নিশা গহপুৰৰ বিভিন্ন স্থানত হুঁচৰি গাই AS 25 DC 7418 নম্বৰৰ এখন বলেৰ পিকআপ গাড়ীত প্ৰায় ২০জনীয়া এটা বিহুৱা দল ঘৰলৈ উভতি যোৱাৰ সময়তে বাহনখন দুৰ্ঘটনাগ্ৰস্ত হৈ সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনা ৷ যাৰ ফলত তিনিগৰাকী যুৱতীসহ দুজন যুৱকৰ থিতাতে মৃত্যু হয় ৷

মৃত যুৱতীকেইগৰাকী ক্ৰমে ৰাধিকা দৈমাৰী ,বুদ্ধিমতি বড়ো,বৰ্ণালী বড়ো (Five persons of a Bihu team died in a road accident) ৷ ইফালে মৃত যুৱক কেইজন হৈছে ক্ৰমে সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী বুলি জানিব পৰা গৈছে ৷ ইফালে এই দুৰ্ঘটনাত আহত হয় ক্ৰমে 6 জনকৈ লোক ৷ গুৰুতৰভাৱে আহত কেইজনক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে,মৃত আৰু আহত আটাইকেইজন উত্তৰ কাৰিবিল আৰু পুৰনি গেৰেজ গাঁৱৰ নিবাসী ৷ আনহাতে মৃত আটাইকেইজন একেটি পৰিয়ালৰ সদস্য সদস্যা বুলি জানিব পৰা গৈছে । ইফালে গহপুৰৰ বিধায়ক উৎপল বৰাই মৃত লোক কেইজনৰ মৰণোত্তৰ পৰীক্ষাৰ কৰা ব্যৱস্থা কৰোৱাৰ লগতে মৃতকৰ পৰিয়াললৈ চৰকাৰে ২ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ ঘোষণা কৰে ৷

আনহাতে, আহতসকলৰ চিকিৎসাৰ দায়িত্ব চৰকাৰে বহন কৰিব বুলি গহপুৰৰ বিধায়ক উৎপল বৰাৰ প্ৰতিনিধি হেলেম মণ্ডল বিজেপি কিষাণ মৰ্চাৰ সভাপতি ৰত্ন বস্নেতে সংবাদমাধ্যমযোগে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :অভিশপ্ত শনিবাৰ : বিহুদলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ 5 গৰাকীৰ মৃত্যু

ABOUT THE AUTHOR

...view details