দুখন মুখ-তিনিটা চকু , আচলতে কি ?
বিহালীৰ আৰক্ষী থানাৰ অন্তৰ্গত নীলবাৰি গাঁৱৰ শংকৰ শ্ৰৱৰ নামৰ ব্যক্তিজনৰ ঘৰত এজনী গাই গৰুৱে দুখন মুখ আৰু তিনিটা চকু থকা এটি পোৱালি জন্ম দিয়ে
বিহালীত দুখন মুখ-তিনিটা চকুৰে এটি গৰু পোৱালি
বিশ্বনাথ, 6 মে': বিহালীত আজৱ ঘটনা ৷ গাই গৰুৱে জন্ম দিলে অদ্ভুত আকৃতিৰ এটি পোৱালি ৷ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত নীলবাৰি গাঁৱৰ শংকৰ শ্ৰৱৰ নামৰ ব্যক্তিজনৰ ঘৰত এজনী গাই গৰুৱে দুখন মুখ আৰু তিনিটা চকু থকা এটি পোৱালি জন্ম দিয়ে ৷ কেতিয়াও নোহোৱা নোপজা এনেধৰণৰ আজৱ প্ৰকৃতিৰ গৰু পোৱালি প্ৰত্যক্ষ কৰিবলৈ ওচৰ চুবুৰীয়া লোকে ভিৰ কৰেহি ব্যক্তিজনৰ ঘৰত । আনহাতে, গৰু পোৱালিটোকলৈ কৌতূহল সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ।