অসম

assam

ETV Bharat / state

প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষতে গৌৰৱ কঢ়িয়ালে জিনজিয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ে - Biswanath

বিশ্বনাথ জিলাৰ জিনজিয়াত নতুনকৈ স্থাপন হোৱা পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ পৰা প্ৰথম বৰ্ষতেই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ফলাফলক লৈ খুৱেই উৎফুল্লিত হ'ল শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকল ।

ষ্টাৰসহ ১০০% উত্তীৰ্ণ পণ্ডিত দীনদয়াল উপাধ্যায় আৰ্দশ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

By

Published : May 25, 2019, 6:31 PM IST


বিশ্বনাথ, ২৫ মেঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৫ জন ষ্টাৰসহ ১০০% উত্তীৰ্ণ হ'ল বিশ্বনাথ জিলাৰ জিনজিয়াত অৱস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আৰ্দশ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী ।

ষ্টাৰসহ ১০০% উত্তীৰ্ণ পণ্ডিত দীনদয়াল উপাধ্যায় আৰ্দশ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ফলাফলক লৈ বিশ্বনাথ জিলা জিনজিয়াত অৱস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আৰ্দশ মহাবিদ্যালয়ত এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয় । উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৩২ গৰাকীৰ ছাত্ৰ- ছাত্ৰী অৱত্তীৰ্ণ হৈছিল । তাৰোপৰি ৫ জনে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হয় । আটাই কেইজন ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে সেই অঞ্চলৰ লগতে আৰ্দশ মহাবিদ্যালয় খনলৈও । ইয়াকে লৈ মহাবিদ্যালয় খনৰ ছাত্ৰ- ছাত্ৰী সকলে ঢোল -তাল লৈ আনন্দত মতলীয়া হৈ এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰে ।

লগতে আন এটা বাতৰি- গাড়ীচালকৰ সন্তান ইমদাদুলে আজুৰিলে বিজ্ঞানৰ ষষ্ঠ স্থান

ABOUT THE AUTHOR

...view details