বিশ্বনাথ, 19 মে': গহপুৰৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থী এৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে দুজন সহৃদয় লোক ৷
গহপুৰত দৰিদ্ৰ শিক্ষাৰ্থীক সহায়ৰ হাত - etv bharta assam
মেধাৱী শিক্ষাৰ্থীগৰাকীক আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিল ককিলা নাহৰণিৰ যুৱক জি আৰ এছ পূৱ কলাবাৰীৰ কৰ্মচাৰী দেৱজিৎ বৰা আৰু উত্তৰ কলাবাৰী জি আৰ এছৰ কৰ্মচাৰী মৃদুল বৰা । দেওবাৰে বিয়লি দুয়োগৰাকী যুৱকে জোণ্টী শইকীয়াৰ বাসগৃহত উপস্থিত হৈ আৰ্থিক সাহায্য আগবঢ়ায়।
ধৈৰ্য, একাগ্ৰতা, প্ৰবল ইচ্ছা শক্তি আৰু আত্মবিশ্বাস থাকিলে যে সফলতা সহজে লাভ কৰিব পাৰি তাকেই প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে জোণ্টী শইকীয়া নামৰ শিক্ষাৰ্থীগৰাকীক। কঠোৰ সংগ্ৰাম আৰু দৰিদ্ৰতাক জয় কৰি ৰুগীয়া পিত-মাতৃক পৰিচৰ্যা কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 87.83 শতাংশ নম্বৰ লাভ কৰিছে ৷
মেধাৱী শিক্ষাৰ্থীগৰাকীক আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিল ককিলা নাহৰণিৰ যুৱক জি আৰ এছ পূৱ কলাবাৰীৰ কৰ্মচাৰী দেৱজিৎ বৰা আৰু উত্তৰ কলাবাৰী জি আৰ এছৰ কৰ্মচাৰী মৃদুল বৰা । দেওবাৰে বিয়লি দুয়োগৰাকী যুৱকে জোণ্টী শইকীয়াৰ বাসগৃহত উপস্থিত হৈ আৰ্থিক সাহায্য আগবঢ়ায়। ইয়াৰ লগতে গহপুৰ সমবায় মাৰ্কেটিং প্ৰেক্ষাগৃহত দেওবাৰে সমাজ সেৱক বিপুল গাংগুলীয়ে আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ৫ গৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে জোণ্টী শইকীয়া,বিক্ৰম হাজৰিকা,মানসজ্যেতি গগৈ,প্ৰিজম মেধি আৰু জোন ৰাজগড়ক আৰ্থিক সাহায্য প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ।