বিশ্বনাথ, 26 জুনঃ শক্তি বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ ফলত মৃত্যুবৰণ কৰা ৰবীন দাসৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে সহস্ৰাধিক লোকে ৷ ঘটনাস্থলীত আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ লোক তথা বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা 48 ঘন্টাৰ ভিতৰত মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰে ৷
বিশ্বনাথত শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ - Assam News
শক্তি বিভাগৰ দায়িত্বজ্ঞানহীনতা তথা অকৰ্মণ্য়তাৰ বাবে বিশ্বনাথত প্ৰাণ হেৰুৱায় ৰবীন দাস নামৰ এগৰাকী বিদ্যুৎ কৰ্মচাৰীয়ে ৷ ইয়াৰ প্ৰতিবাদত সহস্ৰাধিক লোকে শক্তি বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
![বিশ্বনাথত শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3671585-thumbnail-3x2-0.jpg)
বিশ্বনাথত শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
বিশ্বনাথত শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
আনহাতে প্ৰতিবাদকাৰী ৰাইজে সমগ্ৰ বিষয়টোৰ ওপৰত এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰি এইক্ষেত্ৰত জড়িত থকা বিদ্যুৎ বিভাগৰ বিষয়াক শীঘ্ৰেই চাকৰিৰ পৰা নিলম্বন কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ৷ অন্যথা আগলৈ আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি প্ৰশাসনক হুংকাৰ প্ৰদান কৰে ৷