অসম

assam

ETV Bharat / state

বিশ্বনাথৰ মোনাবাৰীত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

গ্ৰীণ আচিয়ানা ৱেলফেৰাৰ চ'চাইটি উদ্যোগত অনুষ্ঠিত হয় এই  সম্বৰ্ধনা অনুষ্ঠান ৷ মোনাবীৰী ইষ্ট মেন্ট হাইস্কুলৰ প্ৰেক্ষাগৃহত আয়োজিত উক্ত অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় উচ্চতৰ মাধ্যমিকত ভাল ফলাফল দেখুওৱা দুই দৰিদ্ৰ ছাত্ৰক ৷

By

Published : Jun 8, 2019, 4:37 PM IST

বিশ্বনাথৰ মোনাবীৰীত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

বিশ্বনাথ, 8 জুনঃ শনিবাৰে বিশ্বনাথৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ আচিয়ানা ৱেলফেৰাৰ চ'চাইটি উদ্যোগত মোনাবীৰী ইষ্ট মেন্ট হাইস্কুলৰ প্ৰেক্ষাগৃহত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল খনৰ পৰা উচ্চতৰ মাধ্যমিকত ভাল ফলাফল দেখুওৱা দৰিদ্ৰ দুই ছাত্ৰক এখনি সম্বৰ্ধনা পত্ৰ, কিতাপ টোপোলাৰ লগতে নগত ৫ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয় ৷ সম্বৰ্ধনা অনুষ্ঠান উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে চন্দ্ৰ লাল শৰ্মাই । বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধী , শিক্ষক উপেন ৰাজখোৱা , ভৰত দ্বীপকে ধৰি বহু কেইজন লোক ৷ ইফালে সভাৰ শেষত হাইস্কুল প্ৰাংগণত চ'চাইটি তৰফৰ পৰা গছ পুলিও ৰোপণ কৰা হয় ।

সভাৰ শেষত হাইস্কুল প্ৰাংগণত চ'চাইটি তৰফৰ পৰা গছ পুলি ৰোপণ

ABOUT THE AUTHOR

...view details