অসম

assam

ETV Bharat / state

বিশ্বনাথত স্বাস্থ্য শিবিৰ আয়োজন জিলা প্ৰশাসনৰ - Heat

বিশ্বনাথ জিলাৰ বানপীড়িত অঞ্চলত স্বাস্থ্য পৰীক্ষা শিবিৰ ৷বিশেষকৈ বানৰ পাছত হ'ব পৰা সম্ভাব্য ৰোগৰ প্ৰতিৰোধ আৰু সজাগতা বৃদ্ধিৰ সম্বন্ধে ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখিয়েই ঘাইকৈ এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে

বিশ্বনাথত স্বাস্থ্য শিবিৰ আয়োজন জিলা প্ৰশাসনৰ

By

Published : Jul 25, 2019, 11:05 PM IST

বিশ্বনাথ চাৰিআলি,25জুলাইঃ বিশ্বনাথ জিলাৰ বিভিন্ন বানপীড়িত অঞ্চলৰ ৰাইজৰ সেৱাৰ্থে বিশ্বনাথ জিলা প্ৰশাসনে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে৷ প্ৰায় এপষেক ধৰি বানৰ কবলত পৰা বিশ্বনাথ জিলাৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলৰ ৰাইজৰ স্বাস্থ্য-সম্বন্ধীয় দিশৰ সেৱাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এলানি জনকল্যাণমূলক কাৰ্যসূচী ৷ তাৰেই অংশস্বৰূপে জিলাখনৰ গহপুৰ আৰু বিশ্বনাথ মহকুমাৰ বানপীড়িত এলেকাত বিভিন্ন পৰ্যায়ত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি বানাক্ৰান্ত লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱা হৈছে ৷ বিশেষকৈ বানৰ পাছত হ'ব পৰা সম্ভাৱিত ৰোগৰ প্ৰতিৰোধ আৰু সজাগতা বৃদ্ধিৰ সম্বন্ধে ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখিয়েই ঘাইকৈ এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে ৷ চোৱাগুৰি হাইস্কুলত অনুষ্ঠিত প্ৰথমটো শিবিৰত উপস্থিত থাকি উপায়ুক্তগৰাকীয়ে বানপীড়িত ৰাইজৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে বানপানীৰ পিছত লবলগীয়া সাৱধানতা সম্পৰ্কে সজাগ হবলৈ ৰাইজলৈ আহ্বান জনায় । আনহাতে মহকুমাটোৰ নিজ গড়পাল উপ-কেন্দ্ৰত ২৫ জুলাইত, মধ্য কুমলীয়া মধ্য ইংৰাজী বিদ্যালয়ত ২৬ জুলাইত, জাপৰিগুৰি মছজিদত ২৯ জুলাইত আৰু কাছমাৰি প্ৰাথমিক বিদ্যালয়ত ৩০ জুলাইত পৰ্যায়ক্ৰমে স্বাস্থ্য শিবিৰৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছে । স্বাস্থ্য বিভাগৰ সহযোগত আয়োজিত এই শিবিৰসমূহত ৰোগীসকলৰ মাজত বিনামূলীয়া ঔষধ বিতৰণৰ লগতে ৰক্ত পৰীক্ষাৰ সুবিধাও আগবঢ়োৱা হৈছে ।

বিশ্বনাথত স্বাস্থ্য শিবিৰ আয়োজন জিলা প্ৰশাসনৰ
সমান্তৰালভাৱে গহপুৰ মহকুমাতো স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে জিলা প্ৰশাসনে ৷ মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ শ্বাহৰ উদ্যোগত গহপুৰ মহকুমাতো বুধবাৰপৰা কাৱৈমাৰী (বাকৰি-দলনি পঞ্চায়ত), আলিগুৰি (পিছলাগাঁও পঞ্চায়ত), শকুৰা (পশ্চিম কলাবাৰী পঞ্চায়ত) আৰু দক্ষিণ জয়পুৰত (ছত্ৰং গাঁও পঞ্চায়ত) স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি বানপীড়িত ৰাইজৰ বাবে সেৱাৰ ব্যৱস্থা কৰা হৈছে ।
বিশ্বনাথত স্বাস্থ্য শিবিৰ আয়োজন জিলা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details