বিশ্বনাথ, 19 জুনঃ এগৰাকী আৰক্ষী বিষয়াৰ বাবে এতিয়া বহুদিনীয়া যান-জঁটৰ সমস্যাৰ পৰা সকাহ পাইছে বেদেতীৰ ৰাইজে ৷ বেদেতীৰ বুধবৰীয়া সাপ্তাহিক বজাৰখনত বজাৰগৃহ থকাৰ পিচটো একাংশ ব্যৱসায়ীয়ে মুল পথৰ কাষতে দোকান মেলি আহিছিল ৷ যাৰ বাবে অঞ্চলটোত তীব্ৰ যান-জঁটৰ সমস্যাৰ সৃষ্টি হোৱাৰ লগতে বহুটো দুৰ্ঘটনাও সংঘটিত হৈ আহিছিল ৷
আৰক্ষী বিষয়াৰ তৎপৰতাত যান-জঁটৰ সমস্যাৰ পৰা মুক্ত বেদেতীবাসী - Bedeti Weekly Market
দীৰ্ঘদিন ধৰি ৰাজপথত চলি অহা বেদেতী সাপ্তাহিক বজাৰখনক লৈ অঞ্চলটোত সৃষ্টি হৈ আহিছিল তীব্ৰ যান-জঁট ৷ স্থানীয় আৰক্ষী বিষয়া নিপেন শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে ৰাজপথৰ কাষত থকা দোকানসমূহ বজাৰৰ ভিতৰলৈ পঠাই দিয়াৰ বাবে এতিয়া অঞ্চলবাসীয়ে এই সমস্যাৰ পৰা সকাহ লাভ কৰিছে ৷
বেদেতী সাপ্তাহিক বজাৰ
বিগত ত্ৰিশ বছৰ ধৰি এইদৰেই চলি আহিছিল এই বজাৰখন ৷ কিন্তু শেহতীয়াকৈ বিহালী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপেন শইকীয়াই ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ লগতে পথৰ কাষত পোহাৰ মেলি অহা ব্যৱসায়ীসকলে বজাৰগৃহলৈ স্থানান্তৰিত হ'বলৈ বাধ্য হৈ পৰে ৷ স্থানীয় ৰাইজে আৰক্ষী বিষয়াগৰাকীৰ এই ব্যৱস্থাৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ৷