বিশ্বনাথ, 10 জুলাইঃ প্ৰাক্তন সেনা বিষয়া সোণা উল্লাহক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ পাছতেই ৰাজ্যত পোহৰলৈ আহিছে ইটোৰ পিচত সিটো স্বদেশীক বিদেশী সজোৱাৰ ঘটনা৷ এইবাৰ আকৌ পোহৰলৈ আহিছে বিশ্বনাথৰ এনে এক ঘটনা ৷ আনন্দ ঘোষ, প্ৰমিলা চাহ , কল্পনা কৰ্মকাৰ নামৰ তিনিগৰাকী স্বদেশী নাগৰিকক সীমান্ত আৰক্ষীয়ে বিদেশী সজাই প্ৰায় আঢ়ৈ মাহৰ পূৰ্বে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল ৷ সীমান্ত আৰক্ষীয়ে এই তিনিওগৰাকী নাগৰিকক বিদেশী বুলি চিনাক্ত কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু পুনৰবাৰ তিনিওগৰাকীয়ে সম্পূৰ্ণ নথিপত্ৰ জমা কৰাৰ পাছতো আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই এজনকো ৷
বিশ্বনাথত স্বদেশী নাগৰিকক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগ - কল্পনা কৰ্মকা
আনন্দ ঘোষ , প্ৰমিলা চাহ , কল্পনা কৰ্মকাৰ নামৰ তিনি গৰাকী স্বদেশী নাগৰিকক সীমান্ত আৰক্ষীয়ে বিদেশী সজাই প্ৰায় আঢ়ৈ মাহৰ পূৰ্বে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল৷ সময়মতে অধিবক্তাই নথিপত্ৰ সমূহ NRC কেন্দ্ৰত জমা নিদিয়াৰ বাবেই বিদেশী বুলি চিনাক্ত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
সম্পূৰ্ণ নথিপত্ৰ থকাৰ পাছতো আজি পৰ্যন্ত এই তিনিও গৰাকী ভাৰতীয় নাগৰিকক মোকলাই নিদিয়াত উপায়ন্তৰহৈ পৰিয়াল আৰু গাঁৱৰ স্থানীয় ৰাইজে এক সংবাদ মেল সম্বোধন কৰে৷ এই সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে যে NRC কেন্দ্ৰত জমা দিবৰ বাবে সকলো নথিপত্ৰ শুধৰণিৰ বাবে অধিবক্তাৰ কাষ চাপিছিল তিনিওজনে৷ কিন্তু সময়মতে নথিপত্ৰ সমূহ NRC কেন্দ্ৰত জমা নকৰাৰ অভিযোগ উঠিছে অধিবক্তাৰ বিৰুদ্ধে৷ পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজৰ এটাই অনুৰোধ NRC প্ৰক্ৰিয়াটো শুদ্ধ হওক আৰু এই দুৰ্ভগীয়া পৰিয়াল কেইটাৰ নথিপত্ৰ সমূহ পুনৰ ভালদৰে এবাৰ পৰীক্ষা কৰি ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখা স্বদেশী নাগৰিকক মোকলাই দিয়ক৷
লগতে পঢ়কঃ যোৰহাটত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ