অসম

assam

By

Published : Jul 20, 2019, 9:10 AM IST

ETV Bharat / state

বিশ্বনাথত বানাক্ৰান্তৰ কাষত এম জি ভি কে ভানু

বিশ্বনাথ জিলা কংগ্ৰেছৰ সহযোগত বানাক্ৰান্ত ৰাইজৰ মনৰ বুজ লয় কংগ্ৰেছ নেতা এম জি ভি কে ভানুৱে ৷

বানপীড়িতৰ কাষত কংগ্ৰেছ নেতা এম জি ভি কে ভানু

বিহালী, 20 জুলাইঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হৈছে বানাক্ৰান্ত ৰাইজৰ ৷ শনিবাৰে কংগ্ৰেছ নেতা তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া এম জি ভি কে ভানু আৰু বিশ্বনাথ জিলা কংগ্ৰেছে বিশ্বনাথ জিলাৰ বিশ্বনাথ আৰু চতিয়া বিধানসভা সমষ্টিৰ বান পীড়িত এলেকা পৰিভ্ৰমণ কৰি শেহতীয়া পৰিস্থিতি আৰু বানাক্ৰান্তৰ অৱস্থাৰ বুজ লয়৷

এই সময়ছোৱাত এম জি ভি কে ভানুক বিশ্বনাথৰ যুৱনেতা, সমাজকৰ্মী অঞ্জন বৰাৰ উপৰিও বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মনোজ গৌতম, বিশ্বনাথ সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি কিশোৰ মাহালীকে আদি কৰি বহু কেইগৰাকী যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে সহযোগ কৰে।

ABOUT THE AUTHOR

...view details