বিশ্বনাথ, 26 জুন :অসম-অৰুণাচল সীমান্তত সীমা বিবাদক লৈ অব্যাহত আছে উত্তেজনা । যোৱা 17 জুন তাৰিখে অসম-অৰুণাচল সীমান্ত সন্দৰ্ভত এটা ৰাষ্ট্ৰীয় চেনেলত প্ৰচাৰ হোৱা বাতৰিক কেন্দ্ৰ কৰি অব্যাহত আছে এই উত্তেজনা । ইফালে অসমত নগাৰ আগ্ৰাসন অব্যাহত আছে যোৰহাট, গোলাঘাট জিলাত । কিন্তু এইবাৰ নগাৰ আগ্ৰাসন নহয়, অৰুণাচলীৰ আগ্ৰাসনৰ ঘটনা পোহৰলৈ আহিছে বিশ্বনাথত ।
এই আগ্ৰাসন অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰঝাৰণি গাঁও পঞ্চায়তৰ অধীনৰ ভৰালীজুলীত । কেইদিন পূৰ্বে 20/30 জনীয়া এটা অৰুণাচলী লোকৰ দলে অসমৰ ভূমিত প্ৰৱেশ কৰি ভৰালীজুলিত বসবাস কৰি থকা লোক সকলক ভাবুকি দিয়াৰ লগতে ঘৰ দুৱাৰ ভাঙি উক্ত ঠাই খালি কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু যোৱা 20 জুনত অৰুণাচলী দুৰ্বৃত্তৰ এটা দলে নিশাৰ ভিতৰতে অসমৰ ভূমিত থকা খিলঞ্জীয়াৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ জ্বলাই চাৰখাৰ কৰা অভিযোগ উঠিছে । অভিযোগ অনুসৰি হাতে হাতে দা, কুঠাৰ, চোকা অস্ত্ৰ লৈ অহা অৰুণাচলীৰ এটা 30 জনীয়া দলে যোৱা 9 জুনত মহেন্দ্ৰ ওৰাং নামৰ ব্যক্তিজনৰ ঘৰলৈ আহে ।
দলটোৱে মহেন্দ্ৰক অসমৰ মাটি খিনি অৰুণাচলৰ মাটি বুলি কৈ অৰুণাচলীৰ হৈ খেতি কৰিবলৈ কয় । অন্যথা প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে । কিন্তু মহেন্দ্ৰই খেতি নকৰো বুলি কয় আৰু ভয়তে যোৱা 20 জুনত উক্ত স্থানৰ পৰা পলায়ন কৰে যদিও অৰুণাচলীয়ে মহেন্দ্ৰৰ ঘৰটো নিশা জ্বলাই দিয়ে ।