বিহালী, 8 ডিচেম্বৰ: শোণিতপুৰত শনিবাৰে আটক দুই বনাঞ্চল বেদখলকাৰী ৷ পূৱ শোণিতপুৰ বন সংমণ্ডল বিষয়া , বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ লগতে বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী বিষয়াই চলোৱা অভিযানত আটক হয় দুই বনাঞ্চল বেদখলকাৰী ৷ প্ৰশাসনৰ অভিযোগ অনুসৰি,দীৰ্ঘদিন ধৰি অসম-অৰুণাচল সীমান্তৰ বিহালী বনাঞ্চলত অৰুণাচলীয়ে চলাই গৈছিল উচ্ছেদ অভিযান। অবৈধভাৱে বিহালী বনাঞ্চলৰ ৰাধাচুৰ পৰা চাউল ধোৱালৈ প্ৰায় ৩ কিলোমিটাৰ থকা বিহালী বনাঞ্চলৰ বহু মূল্যবান গছ গছনি কাটি বনাঞ্চলখনত প্ৰৱেশ কৰি পথ নিৰ্মাণৰ যো-জা চলাই থাকোতেই শনিবাৰে আটক হয় চালকসহ দুজন লোক লগতে অভিযানকাৰীয়ে জব্দ কৰে এখন এস্কেভেটৰ ৷
অৰুণাচলীৰ দখলত বিহালী বনাঞ্চল - Bihali forest possession by Arunachali
অবৈধভাৱে বিহালী বনাঞ্চলৰ ৰাধাচুৰ পৰা চাউল ধোৱালৈ প্ৰায় ৩ কিলোমিটাৰ থকা বিহালী বনাঞ্চলৰ বহু মূল্যবান গছ গছনি কাটি বনাঞ্চলখনত প্ৰৱেশ কৰি পথ নিৰ্মাণৰ যো-জা চলাই থাকোতেই শনিবাৰে আটক হয় চালকসহ দুজন লোক লগতে অভিযানকাৰীয়ে জব্দ কৰে এখন এস্কেভেটৰ ৷
উল্লেখযোগ্য যে প্ৰায় ৯০ দশকৰ পৰা অব্যাহত থকা আগ্ৰাসী অৰুণাচলীয়ে ইতিমধ্যে বেদখল কৰিছে 10000 অধিক অসমৰ ভূমি ৷ অৰুণাচলীয়ে বনাঞ্চলখনৰ এলেকাত প্ৰৱেশ কৰি এস্কেভেটৰৰ সহায়ত বেআইনীভাৱে পথ নিৰ্মাণত নামি পৰিছে যদিও এই ক্ষেত্ৰত নিৰৱ ৰাজ্য চৰকাৰৰ বন বিভাগ । শনিবাৰে বেদখলকাৰী অৰুণাচলীয়ে উক্ত স্থানত বন বিভাগ আৰু অসম আৰক্ষীৰ দলটোক দেখি যুদ্ধংদেহী ৰূপ ধাৰণ কৰে যদিও পৰৱৰ্তি সময়ত উক্ত স্থানৰ পলায়ন কৰে কেইবাজনো বেদখলকাৰী । আনহাতে ঘটনা সন্দৰ্ভত আটকাধীন দুজন লোক গোবিন্দ ৰয় আৰু সঞ্জিত ৰয়ক বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে বিহালী বনাঞ্চলত এইদৰে বেদখল অব্যাহত থকাৰ বাবে সংকীত হৈ পৰিছে অসম অৰুণাচল সীমান্ত অঞ্চলৰ লোক সকল । ইফালে বিহালী বনাঞ্চল বেদখল মুক্ত কৰা লগতে বনাঞ্চলখনত অধিক বন কৰ্মী নিয়োগ কৰি সুৰক্ষাৰ দাবী জনাইছে বিহালীৰ বিভিন্ন দল সংগঠনে ।