বিশ্বনাথ, 11 জানুৱাৰীঃ'টেকফেষ্ট মহোৎসৱ'ত অনুষ্ঠিত 'আন্তঃৰাষ্ট্ৰীয় মেছমেৰাইজ ৰবটিক্স প্ৰতিযোগিতা'ত প্ৰথম স্থান দখল কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিছে অবিনাশ অৰিন্দম নামৰ ছাত্ৰজনে ৷ চলিত বৰ্ষৰ 3 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে আই আই টি বম্বে'ত 'টেকফেষ্ট'অনুষ্ঠিত কৰা হৈছিল ৷ জানিব পৰা মতে বম্বে'ত অনুষ্ঠিত হোৱা এই ৰবটিক্স প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ পৰা 800ত কৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৷
আন্তঃৰাষ্ট্ৰীয় ৰবটিক্স প্ৰতিযোগিতাত বিশ্বনাথৰ অৰিন্দমৰ প্ৰথম স্থান দখল - BISWANATH ABINASH ARINAD IIT TECH FEST
আই আই টি বম্বে'ত অনুষ্ঠিত হোৱা 'আন্তঃৰাষ্ট্ৰীয় মেছমেৰাইজ ৰবটিক্স প্ৰতিযোগিতা'ত বিশ্বনাথৰ অবিনাশ অৰিন্দমে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ 'দা ইষ্ট ইণ্ডিয়ান বিদ্যালয়'ৰ ছাত্ৰ অবিনাশে সৰুৰে পৰা ৰবটিক্স বিষয়ত আগ্ৰহী আছিল বুলি জানিবলৈ দিয়ে ৷
![আন্তঃৰাষ্ট্ৰীয় ৰবটিক্স প্ৰতিযোগিতাত বিশ্বনাথৰ অৰিন্দমৰ প্ৰথম স্থান দখল Arindam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5670304-163-5670304-1578714060829.jpg)
অৱিনাশ অৰিন্দম
উল্লেখ্য যে 'টেকফেষ্ট' 'ইণ্ডিয়ান ইন্সটিটিউত অৱ টেকন'লজি'ৰ বাৰ্ষিক বিজ্ঞান আৰু প্ৰযুক্তি সম্বন্ধীয় এক গুৰুত্বপূৰ্ণ মহোৎসৱ ৷ আৰু এইবেলি আই আই টি বম্বে'ত 23 সংখ্যক টেকফেষ্ট' অনুষ্ঠিত কৰা হৈছিল ৷ এই মহোৎসৱ এচিয়াৰ সৰ্ববৃহৎ বিজ্ঞান আৰু প্ৰযুক্তিৰ মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে ৷ 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱে ছাত্ৰ ছাত্ৰী,শিক্ষাবিদ,পেচাদাৰীলোক আৰু সাধাৰণ জনতাক আকৰ্ষিত কৰি আহিছে ৷
লগতে পঢ়ক - সমগ্ৰ দেশতে বলৱৎ হ’ল ‘‘CAA’’
Last Updated : Jan 11, 2020, 11:04 AM IST