অসম

assam

ETV Bharat / state

দেশৰ প্ৰথম ত্ৰিৰংগা উত্তোলিত থানাখন সংৰক্ষণৰ ব্যৱস্থা প্ৰত্নতত্ত্ব বিভাগৰ - বিশ্বনাথ

সুযোগসন্ধানী চতিয়াৰ একাংশ মুক্তি যুজাৰুৱে বিনা ৰক্তপাতে চতিয়া থানাৰ চৌহদত উত্তোলন কৰিছিল দেশৰ ত্ৰিৰংগা ৷ সেইসময়ত থানা চৌহত উৰি থকা ব্ৰিটিছৰ জেক আঁতৰাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি সেই সকল স্বনামধন্য মক্তি যুজাৰুৱে ইতিহাসৰ পাতত সোণলী আখৰেৰে লিখিবলৈ সক্ষম হৈছিল চতিয়াৰ নাম ৷ ইটিভি ভাৰতৰ সন্মুখত সেই সোণলী সময়ৰ বৰ্ণনা কৰিলে বিশিষ্ট লেখক পংকজ জ্যোতি ভূঞাই ৷

first national flag hosted police station
first national flag hosted police station

By

Published : Jul 27, 2020, 6:46 PM IST

বিশ্বনাথ, 27 জুলাইঃ1913 চনতেই স্থাপন হোৱা এই আৰক্ষী থানাখনে বহন কৰিছে দেশৰ স্বাধীনতা অন্দোলনৰ বহু সোণালী ক্ষণৰ সাক্ষী ৷ এইখন আৰক্ষী থানাৰ পৰাই পৰাধীন ভাৰতত ব্ৰিটিছে নিয়ন্ত্ৰণ কৰিছিল বৃহত্তৰ নদুৱাৰ অঞ্চল ৷ সময়ছোৱা আছিল স্বাধীনতা আন্দোলৰ কেইবছৰমান পূৰ্বৰ ৷ ব্ৰিটিছৰ শাসনৰ শিকলি ছিঙিবলৈ সমগ্ৰ দেশতেই তেতিয়া উকমুকলি উঠিছিল স্বাধীনতা আন্দোলনৰ ৷ সেইদিনা আছিল 1942 চনৰ 20 আগষ্ট ৷ স্থানঃ চতিয়া আৰক্ষী থানা ৷ প্ৰথমবাৰৰ বাবে উত্তোলন হৈছিল দেশৰ ত্ৰিৰংগা ৷

দেশৰ প্ৰথম ত্ৰিৰংগা উত্তোলিত থানাখন সংৰক্ষণৰ ব্যৱস্থা প্ৰত্নতত্ত্ব বিভাগৰ

সুযোগসন্ধানী চতিয়াৰ একাংশ মুক্তি যুজাৰুৱে বিনা ৰক্তপাতে চতিয়া থানাৰ চৌহদত উত্তোলন কৰিছিল দেশৰ ত্ৰিৰংগা ৷ সেইসময়ত থানা চৌহত উৰি থকা ব্ৰিটিছৰ ইনিয়ন জেক আঁতৰাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি সেই সকল স্বনামধন্য মক্তিযুজাৰুৱে ইতিহাসৰ পাতত সোণলী আখৰেৰে লিখিবলৈ সক্ষম হৈছিল চতিয়াৰ নাম ৷ ইটিভি ভাৰতৰ সন্মুখত সেই সোণালী সময়ৰ বৰ্ণনা কৰিলে বিশিষ্ট লেখক পংকজ জ্যোতি ভূঞাই ৷

দেশৰ প্ৰথম ত্ৰিৰংগা উত্তোলিত থানা

লগতে পঢ়কঃ বৰপেটাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচাৰ্জ

এনেকৈয়ে এদিন ভাৰতে স্বাধীনতাৰ লাভ কৰিলে ৷ গোটেই ভাৰত বৰ্ষৰ আকাশত উৰিল দেশৰ ত্ৰিৰংগা ৷ এনেদৰেই দেশৰ প্ৰথমখন ত্ৰিৰংগা উত্তোলন কৰা চতিয়া আৰক্ষী থানাৰ পুৰণি গৃহতো জৰাজীৰ্ণ হৈ পৰাত নতুন গৃহলৈ স্থানান্তৰিত কৰা হ'ল থানাখন ৷ গুৰুত্ব হেলাৰ পুৰণি থানাগৃহটোৰ ৷ ফলস্বৰূৰে অৱহেলিত হৈ জহিখহি যাবলৈ ধৰিছে ইতিহাস বিজৰিত থানাখনৰ পুৰনি গৃহটো ৷

দেশৰ প্ৰথম ত্ৰিৰংগা উত্তোলিত থানা

কিন্তু আজি পূৰ্ণ হ'ল চতিয়াবাসীৰ দীৰ্ঘদিনীয়া দাবী ৷ 2017 বৰ্ষৰ 23 জানুৱাৰীত স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চতিয়াৰ পুৰণি থানাখনৰ চৌহদ পৰিদৰ্শন কৰি সংৰক্ষণৰ কথা ঘোষণা কৰিছিল ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ তৎপৰতাতে প্ৰত্নতত্ত বিভাগক দিয়া হৈছিল পুৰণি থানাগৃহটোৰ সংৰক্ষণৰ কাম ৷ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠা থানাগৃহটো অহা সোমবাৰে উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ABOUT THE AUTHOR

...view details