অসম

assam

ETV Bharat / state

চৰকাৰৰ সিদ্ধান্তত বিধায়কক অন্তৰ্ভূক্ত কৰাৰ আহ্বান চতিয়াৰ বিধায়কৰ - চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা

লক্​ ডাউনৰ বাবে ৰাজ্যৰ বাহিৰত আবদ্ধ লোকক ওভোটাই অনাৰ বাবে তৎপৰ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ৷ বিষয় সন্দৰ্ভত ৰাজ্যৰ বিধায়কসকলক জড়িত কৰাবলৈ চৰকাৰক আহবান বিধায়ক হাজৰিকাৰ ৷

Appeal to government from mla of Sootea padma hazarika sootea biswanath etv bharat news assam
চৰকাৰলৈ আহ্বান চতিয়াৰ বিধায়কৰ

By

Published : May 2, 2020, 8:52 PM IST

চতিয়া,2 মে’ঃবহিঃৰাজ্যত লক্​ ডাউনৰ বাবে আবদ্ধ লোকসকলক অসমলৈ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এইক্ষেত্ৰত বিধায়কসকলকো দায়িত্ব দিবলৈ চৰকাৰক আহ্বান জনাইছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিশেষকৈ চতিয়াৰ লোকসকলক নিজ গৃহলৈ ঘূৰাই অনাৰ বাবে তৎপৰ হৈছে বিধায়ক গৰাকী ৷ শনিবাৰে বহিঃৰাজ্যত কৰ্মৰত লোকসকলৰ পৰিয়ালৰ লগত জামুগুৰিহাটত সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনুষ্ঠিত কৰা এক সভাত একাংশ চৰকাৰী বিষয়াৰ গাফিলতিৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সুবিধাসমূহ বহিঃৰাজ্যৰ লোকসকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে ৷ ফলত আবদ্ধ লোকৰ লগতে পৰিয়ালৰ লোকসকলো চিন্তাত পৰিছে বুলি হাজৰিকাই ভাষণত উল্লেখ কৰে ৷

চৰকাৰলৈ আহ্বান চতিয়াৰ বিধায়কৰ

বিধায়ক গৰাকীয়ে ৰাজনীতি পৰিহাৰ কৰি একত্ৰিত হৈ Covid 19 ৰ বিপক্ষে যুঁজাৰ বাবে সকলো ৰাজনৈতিক দলক আহ্বান জনায় ৷ লগতে আবদ্ধ লোকসকলৰ তথ্য সংগ্ৰহৰ শনিবাৰৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি প্ৰকাশ কৰে ৷

লগতে চাওকঃৰাজস্থানৰ পৰা অসম আৰু ত্ৰিপুৰালৈ বাছেৰে ৰাওনা ছাত্ৰ-ছাত্ৰী

ABOUT THE AUTHOR

...view details