বিশ্বনাথ, ১৬ ডিচেম্বৰ :বিশ্বনাথৰ বৰপুখুৰীত বুথ লেভেল এজেণ্ট শিবিৰত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শনিবাৰে সাংবাদিকৰ আগত মন্তব্য কৰে যে, সমগ্ৰ অসমত ৩৩,৫৪৪ গৰাকী BLA নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে কংগ্ৰেছে । বিশ্বনাথৰ ২১৮ গৰাকী বুথৰ পৰ্যবেক্ষণকাৰীৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচনত কেনেদৰে অৱতীৰ্ণ হ’ব পাৰে তাৰেই আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে ভূপেন বৰাই ।
আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা নিউজ চেনেলত আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৰাহুল গান্ধীৰ বয়স যিমান সিমান সংখ্যকহে আসন লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা ভৱিষ্যদ্বাণী সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সদায় ভৱিষ্যদ্বাণী কৰিয়েই থাকে । দেউৰী নিৰ্বাচনৰ সময়ত ১০০ শতাংশ আসন পাম বুলি কৈছিল । এসময় কংগ্ৰেছত থাকোতে কৈছিল যে, ৰবীন বৰদলৈ যদি গুৱাহাটীত হাৰে কিৰিপ চলিহা যদি মঙলদৈত হাৰে তেতিয়া ৰাজনীতিৰ পৰা সন্যাস ল’ব । কিন্তু ল’লে জানো ?