অসম

assam

ৰমেশ তাঁতীলৈ আৰ্থিক সাহাৰ্য্য বিধায়ক ৰঞ্জিত দত্তৰ

By

Published : Nov 16, 2020, 7:29 AM IST

বিধায়ক ৰঞ্জিত দত্ত দেওবাৰে বৰগাং চাহ বাগিচাৰ নিবাসী তথা বিজেপি কৰ্মী ৰমেশ তাঁতী বাসগৃত উপস্থিত হয় । ৰমেশ তাঁতীৰ উন্নত চিকিৎসাৰ বাবে মন্ত্ৰী গৰাকীয়ে বিশ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰা লগতে নগদ পাঁচ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে ।

ranjit_dutta_medeal_help
ৰমেশ তাঁতীলৈ ২০,০০০ আৰ্থিক সাহাৰ্য্য বিধায়ক ৰঞ্জিত দত্তৰ

বিশ্বনাথ, 16 নৱেম্বৰঃ বিহালী সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ ৰেচম হস্ততাঁত বস্ত্ৰ শিল্পৰ মন্ত্ৰী ৰঞ্জিত দত্ত দেওবাৰে বৰগাং চাহ বাগিচাৰ নিবাসী তথা বিজেপি কৰ্মী ৰমেশ তাঁতী বাসগৃহত উপস্থিত হয় । দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৰমেশ তাঁতী স্বাস্থ্যৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷

ৰমেশ তাঁতীলৈ ২০,০০০ টকাৰ আৰ্থিক সাহাৰ্য্য বিধায়ক ৰঞ্জিত দত্তৰ

সমান্তৰালভাৱে ৰমেশ তাঁতীৰ উন্নত চিকিৎসাৰ বাবে মন্ত্ৰী গৰাকীয়ে বিশ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰা লগতে নগদ পাঁচ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে । উল্লেখযোগ্য যে, আৰ্থিক অসুবিধাৰ বাবে উন্নত চিকিৎসা কৰিবলৈ সাহস কৰা নাছিল ৰমেশ তাঁতীয়ে ৷ অৱশেষত মন্ত্ৰী গৰাকীয়ে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাত কিছু সকাহ পোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ সদস্য সকলে ।

লগতে পঢ়কঃকাৰ্বি আংলং জিলাৰ মাঞ্জা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details