অসম

assam

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 11:15 AM IST

ETV Bharat / state

বিশ্বনাথৰ ৫৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান

বিশ্বনাথ জিলাৰ ৫৩৮ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এই আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় ৷

Anandaram Baruah Award to 538 students
বিশ্বনাথৰ ৫৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান

বিশ্বনাথ, ২৯ নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে বিশ্বনাথ চাৰিআলিতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা বিশ্বনাথ জিলাৰ ৫৩৮ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এই আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছ ।

বিশ্বনাথৰ বালিপুখুৰীস্থিত বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা বটাঁ প্ৰদান অনুষ্ঠানত সদ্য ঘোষিত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পয়সত্তৰ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত মেধাৱী ছাত্র-ছাত্রীসকলক ১৫,০০০ (পোন্ধৰ হাজাৰ) টকাকৈ এই বটাঁ প্ৰদান কৰা হয়।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি বিশ্বনাথ জিলা প্ৰশাসন আৰু মাধ্যমিক শিক্ষা বিভাগৰ যৌথ উদ্যোগত এই বটাঁ প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ ৷ যাদৱে চৰকাৰৰ এনে বটাঁক জীৱনত উত্তৰণৰ আধাৰ হিচাপে লৈ শৈক্ষিক দিশত আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

যুৱ লেখক ভাস্কৰজ্যোতি বৰাই আঁত ধৰা আৰু জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত প্ৰাৰম্ভতে আনন্দৰাম বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে আদৰণি ভাষণ প্ৰদান কৰে ৷

এই বঁটা প্ৰদান অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা আৰু বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ৷ ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা এনে পদক্ষেপে শৈক্ষিক জ্ঞান আহৰণত সহায়ক হ'ব বুলি বিশিষ্ট অতিথিসকলে মত পোষণ কৰে ৷

আজিৰ এই বটাঁ প্ৰদান অনুষ্ঠানত জিলাখনৰ তিনিটাকৈ শিক্ষাখণ্ডৰ ছয় গৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে গৌৰৱ ৰাজ বৰুৱা, সুজাতা দাস, কৌস্তুভমণি কেওঁট, ডিম্পী বসুমতাৰী, সাৰংগনা ভুঞা আৰু যশস্বী শইকীয়াক প্ৰতিনিধিত্বমূলকভাৱে বটাঁৰ চেক প্ৰদান কৰাৰ পিচতে এই বঁটাৰ বাবে নিৰ্বাচিত জিলাখনৰ মুঠ ৫৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্টযোগে নিৰ্দিষ্ট ধনৰাশি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷

লগতে পঢ়ক:বিজেপি, কংগ্ৰেছ, বি আৰ এছৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত তেলেংগানাত আৰম্ভ ভোটদান প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details