বিশ্বনাথ, 25 ছেপ্তেম্বৰ: বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয় প্ৰেক্ষাগৃহত শুকুৰবাৰে অনুষ্ঠিত হয় 2019 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান ৷ বিশ্বনাথ জিলা প্ৰশাসন আৰু মাধ্যমিক শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75 শতাংশৰ অধিক নম্বৰ লাভ কৰা 360 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় এই বঁটা ৷ বঁটা হিচাপে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় একোটাকৈ লেপটপ আৰু এখনকৈ মান পত্ৰ ৷
বিশ্বনাথত কৃতি ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান - Anandaram Baruah award 2019 at Bishwanath
বিশ্বনাথ জিলা প্ৰশাসন আৰু মাধ্যমিক শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75 শতাংশৰ অধিক নম্বৰ লাভ কৰা 360 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় এই বঁটা ৷
বিশ্বনাথত কৃতি ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান
উল্লেখ্য যে, উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত , বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস আৰু শোণিতপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া প্ৰভাৱ দাস ৷ এই বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰে ছাত্ৰ ছাত্ৰী সকল ৷
লগতে পঢ়কঃ