অসম

assam

ETV Bharat / state

বিশ্বনাথ জিলা প্ৰশাসনৰ সৈতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বৈঠক - বিশ্বনাথ জিলা প্ৰশাসন

সংখ্যালঘু ৰাইজৰ মাজত ছাত্ৰ সংগঠন আমছুৰ যথেষ্ট প্ৰভাৱ আৰু গণভিত্তি আছে বুলি উল্লেখ কৰি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সংখ্যালঘু ছাত্ৰ সন্থাৰ সুস্থিৰ সিদ্ধান্তই ৰাইজৰ মাজত সৃষ্টি হোৱা ভুল বুজাবুজি অতি সোনকালে আঁতৰ হব বুলি আশা প্ৰকাশ কৰে । ৰঙালী বিহুৰ সময়ত যাতে জিলাখনত আৰু কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, সেয়া সুনিশ্চিত কৰিবৰ বাবে প্ৰশাসন আৰু আৰক্ষীক সহযোগিতা আগবঢ়াবলৈ উপায়ুক্ত গৰাকীয়ে জিলাখনৰ সৰ্বস্তৰৰ ৰাইজলৈ আহ্বান জনায় ।

বিশ্বনাথ জিলা প্ৰশাসনৰ সৈতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বৈঠক

By

Published : Apr 13, 2019, 10:29 PM IST


বিশ্বনাথ, 13 এপ্ৰিলঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভা কক্ষত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়াৰে জিলা প্ৰশাসনৰ বিশেষ বৈঠক অনুষ্ঠিত হয় ৷ জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে অনুষ্ঠিত হয় সভাখন ৷

বিশ্বনাথ জিলা প্ৰশাসনৰ সৈতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বৈঠক

বিশ্বনাথত কিছুদিন পূৰ্বে সংঘটিত গো-মাংস কেন্দ্ৰীক ঘটনাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে গোটেই দেশতে জোকাৰি যোৱা ঘটনা প্ৰতি লক্ষ্য ৰাখি, উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে ছাত্ৰ সংগঠনটোৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা কামনা কৰে । জিলা প্ৰশাসনে ইতিমধ্যে ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে বুলি অৱগত কৰি তেওঁ কয় যে, তদন্তৰ প্ৰতিবেদন আহি পালেই ঘটনাৰ লগত জড়িত সকলো চিনাক্ত হব । আনহাতে এই ঘটনাৰ লগত জড়িত কোনো দুৰ্বৃত্তকে ৰেহাই দিয়া নহব বুলি ঘোষণা কৰি আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে মন্তব্য কৰে যে, এইপৰ্যন্ত ঘটনাৰ লগত জড়িত আঠজনকৈ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলিও মন্তব্য কৰে ৷ উল্লেখযোগ্য যে, সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে কয় যে এই ঘটনাৰ আলাপ লৈ যাতে কোনো পক্ষই ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমছুৱে সকলো পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰাৰ লগতে শংকৰ-আজানৰ দেশ অসমত ঐক্য-সম্প্ৰীতি বিনষ্ট হব পৰা কাৰ্যক সংখ্যালঘু ছাত্ৰ সন্থাই কেতিয়াও সমৰ্থন নকৰে বুলি উল্লেখ কৰি একাংশ দুষ্ট লোকে ঘটনাক লৈ সহজ-সৰল সংখ্যালঘু লোকক ধৰ্মৰ নামত উচটাবলৈ যত্ন কৰিছে আৰু এনে উচটনিত ভোল নগৈ সংযম ৰক্ষা কৰিবলৈ আমছুৱে ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে ৷ লগতে উক্ত ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে বুলি চৰকাৰক আহ্বান জনাইছে ।

সংখ্যালঘু ৰাইজৰ মাজত ছাত্ৰ সংগঠন আমছুৰ যথেষ্ট প্ৰভাৱ আৰু গণভিত্তি আছে বুলি উল্লেখ কৰি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সংখ্যালঘু ছাত্ৰ সন্থাৰ সুস্থিৰ সিদ্ধান্তই ৰাইজৰ মাজত সৃষ্টি হোৱা ভুল বুজাবুজি অতি সোনকালে আঁতৰ হব বুলি আশা প্ৰকাশ কৰে । ৰঙালী বিহুৰ সময়ত যাতে জিলাখনত আৰু কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, সেয়া সুনিশ্চিত কৰিবৰ বাবে প্ৰশাসন আৰু আৰক্ষীক সহযোগিতা আগবঢ়াবলৈ উপায়ুক্ত গৰাকীয়ে জিলাখনৰ সৰ্বস্তৰৰ ৰাইজলৈ আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details