বিশ্বনাথ, 26মে’: ৰাজ্যৰ সৰ্বত্ৰে এতিয়া অতিমাৰী ক’ৰণাৰ সন্ত্ৰাস । তেনে সময়তে বগাহাতীত পৰিণত হৈছে বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ জৰুৰীকালীন এম্বুলেঞ্চ সেৱা । বিশ্বনাথ স্বাস্থ্য খণ্ডৰ অন্তৰ্গত জিনজিয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰুৰীকালীন ১০৮ এম্বুলেঞ্চ সেৱাৰ পৰা বঞ্চিত হৈ দীৰ্ঘদিনৰ পৰা জ্বলাকলা খাই আহিছে বৃহত্তৰ জিনজিয়াবাসীয়ে ৷
উল্লেখযোগ্য যে, বিগত ডেৰ দুই মাহ ধৰি ১০৮ এম্বুলেঞ্চ খন বিকল হৈ পৰি আছে চিকিৎসালয় খনত । পিছে খবৰ নাই বিভাগীয় বিষয়া কৰ্মচাৰীৰ । ইপিনে জিনজিয়া নতুন স্বাস্থ্য কেন্দ্ৰৰ পৰা বাৰে বাৰে আবেদন জনোৱাৰ পাছতো কোনো ধৰণৰ তৎপৰতা গ্ৰহণ নকৰিলে বিশ্বনাথৰ স্বাস্থ্য বিভাগে ।