জিঅ’ বেগ আৰু পাৰ্কুপাইনৰ কামত দুৰ্নীতি অভিযোগ বিশ্বনাথ, 24 ছেপ্টেম্বৰ :বিশ্বনাথৰ বিহালী সমষ্টিত জলসম্পদ বিভাগৰ আঁচনিত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নৌহওঁতেই অধিকাংশ ধন সৰকালে ঠিকাদাৰে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ এই লৈ বিহালীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
তথ্য অনুসৰি, বিহালী সমষ্টিৰ বৰগাং নদীৰ টেঙাবাৰীত 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল গৰাখহনীয়া প্ৰতিৰোধৰ কাম ৷ যাৰ বাবে নিয়োজিত কৰা হৈছিল বহু শ্ৰমিকক ৷ কিন্তু ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ নিজ বিভাগতে একাংশ ঠিকাদাৰ-অভিযন্তাই মিলি গৰাখহনীয়া নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ।
জিঅ’ বেগ আৰু পাৰ্কুপাইনৰ কামত দুৰ্নীতি ! ৰাইজৰ অভিযোগ অনুসৰি, 100 % কাম নকৰাকৈ অধিকাংশ ধন সৰকালে ঠিকাদাৰে । উপায়ন্তৰ হৈ এতিয়া স্থানীয় ৰাইজ কাষ চাপিছে বিশ্বনাথ জিলা আয়ুক্তৰ । স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, বিহালীৰ সমষ্টিৰ টেঙাবাৰী অঞ্চলত বৰগাং নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে বিগত বৰ্ষত জলসম্পদ বিভাগে বৰঝাৰণী টেঙাবাৰী অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধ বাবে এক নিবিদাৰ আহ্বান কৰিছিল ।
লগতে পঢ়ক :Scam in Jio Bags Scheme : ৰহমৰীয়াৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে আৰম্ভ কৰা কেইবা কোটি টকীয়া জিঅ’ বেগ প্ৰকল্পত অনিয়মৰ অভিযোগ
সেই নিবিদা অনুসৰি লাভ কৰিছিল গুৱাহাটীৰ P G Construction নামৰ প্ৰতিষ্ঠাটোৱে । কিন্তু শেহতীয়াকৈ 10 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ন কৰা এই আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । বিশ্বনাথ চাৰিআলি অপূৰ্ব বৰুৱা নামৰ এজন যুৱকে তেজপুৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয় পৰা পোৱা আৰ টি আই প্ৰতিবেদনত দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে ৷
তথ্য অনুসৰি, এই নিৰ্মাণ কাৰ্য 100 % কাম সম্পূৰ্ণ হৈছে বুলি দেখুওৱা হৈছে ৷ আনকি বিভাগটোৱে ঠিকাদাৰগৰাকীক কামৰ বাবে ইতিমধ্যে 8.22 কোটি টকা মোকলাই দিয়া বুলিও স্পষ্টভাৱে উল্লেখ আছে প্ৰতিবেদনখনত ৷ কিন্তু ৰাইজৰ প্ৰশ্ন কাম সম্পূৰ্ণ নকৰাকৈ জলসম্পদ বিভাগে কি কাৰণত 80 % ধন মুকলি কৰি দিলে ?
ৰাইজৰ অভিযোগ, আধৰুৱাকৈ কাম কৰি উক্ত স্থানৰ পৰা গুচি যোৱা ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আনকি উক্ত কামত নিয়োজিত একাংশ শ্ৰমিকক নিদিলে প্ৰাপ্য ধনো । আনহাতে, এশ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি জলসম্পদ বিভাগে আৰ টি আই প্ৰতিবেদনত প্ৰকাশ কৰিছে যদিও টেঙাবাৰীত পুনৰ বৰগাং নদীৰ সোঁতে ঠায়ে ঠায়ে খহনীয়াৰ সৃষ্টি হোৱা দেখা গৈছে ৷ প্ৰকৃতাৰ্থত কিমান কাম কৰা হ’ল তাৰ স্পষ্ট ছবি দেখা গৈছে নদীখনত ৷
লগতে পঢ়ক :35th Dhemaji District Day: 35 সংখ্যক ধেমাজি জিলা দিৱসৰ প্ৰস্তুতি সম্পৰ্কত উপায়ুক্তৰ সংবাদমেল