বিশ্বনাথ, ৫ জানুৱাৰী :ৰাজ্যৰ বাট-পথৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বহু অভিলাসী আঁচনি । কিন্তু প্ৰকৃতাৰ্থত কিমান ফলপ্ৰসূ হৈছে এই আঁচনিসমূহ ? আঁচনি ৰূপায়ণৰ নামত একাংশ ঠিকাদাৰে চলাই গৈছে অবাধ দুৰ্নীতি । এইবাৰ বিশ্বনাথত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ পোহাৰ মেলিছে এজন ঠিকাদাৰে ।
নিম্নমানৰ কামৰে দুৰ্নীতি-লুণ্ঠনকেই একমাত্ৰ মূলধন হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ তেজপুৰৰ জনৈক পৰিমল শইকীয়া নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে । প্ৰধানমন্ত্ৰী গ্ৰামীন চড়ক যোজনাৰ অধীনৰ ১ কোটি ৭৭ লাখ ৪২ হাজাৰ ৯৯৯ টকাৰ ব্যয় সাপেক্ষে লোকনিৰ্মাণ বিভাগৰ দ্বাৰা বিশ্বনাথৰ নৱপুৰৰ পৰা জাপৰি গুৰিলৈ প্ৰায় ৮.০৬ কিলোমিটাৰৰ এটা পকীপথ নিৰ্মাণৰ বাবে তেজপুৰৰ জনৈক পৰিমল শইকীয়াই ঠিকা লাভ কৰিছিল ।
২০২২ চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱা পথটোৰ নিৰ্মাণৰ কাম ২০২৩ চনৰ জুন মাহত সমাপ্ত হ'ব লাগিছিল । কিন্তু ঠিকাদাৰৰ হেমাহি, গাফিলতি আৰু বিভাগীয় অভিযন্তাৰ অমনোযোগিতাৰ বাবে অতি লেহেমীয়াকৈ বহুদিন পথটোত শিল পেলাই স্থানীয় লোক, পথচাৰীক যন্ত্ৰণা ভোগাই আহিছিল । পিচত কেইদিনমান পূৰ্বে নিৰ্মাণ কৰি দিলে যদিও অতি নিম্নখাপৰ সামগ্ৰী ব্যৱহাৰ কৰি কামটো সমাপন কৰে ।