বিশ্বনাথ, 7 জুলাই : বিশ্বনাথৰ মাজমজিয়াস্থিত এইচ পি ভাৰত পেট্ৰ'লিয়াম (HP Bharat Petroleum) তেল ডিপুত ভেজাল তেলৰ ব্যৱসায় কৰাৰ গুৰুতৰ অভিযোগ এজন ভুক্তভোগীৰ ৷ অভিযোগ অনুসৰি, বিহালীৰ জিনজীয়া পশু চিকিৎসক তথা বিশ্বনাথ চাৰিআলি নিবাসী নিলোৎপল ভাগৱতীয়ে নিজৰ স্কৰপিঅ' বাহনখনতHP ডিপুটোত তেল ভৰোৱাৰ পিছতেই ইঞ্জিন বন্ধ হৈ পৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷
পেট্ৰ’ল পাম্পটোত তেল ভেজাল কৰাৰ বাবেই গাড়ীখন বিকল হৈ পৰিল বুলি অভিযোগ কৰিছে গৰাকী নিলোৎপল ভাগৱতীয়ে ৷ ব্যক্তি গৰাকীয়ে জনোৱা অনুসৰি, বিগত ডেৰ মাহ পূৰ্বে ক্ৰয় কৰা বাহনখনৰ ইঞ্জিন বিকল হোৱাততেঁও মহিন্দ্ৰাৰ কোম্পানীৰ ডিলাৰৰ সৈতে যোগাযোগ কৰিছিল ৷ তাৰ প্ৰত্যুত্তৰত ডিলাৰে তেঁওৰ বাহন খনত ভৰোৱা ইন্ধনত পানী জাতীয় দ্ৰব্য মিহলি হোৱাৰ বাবেই এইধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বুলি জনায় ৷
লগতে তেঁওক বাহন খন ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়ে ৷ অৱশেষত মহিন্দ্ৰা কোম্পানীৰ কাৰিকৰী বিভাগৰ লোক আহি গাড়ীখন চমজি লৈ তেজপুৰস্থিত ডিলাৰলৈ নি পৰীক্ষা-নিৰীক্ষা চলোৱাত ওলাই পৰিল আচল ৰহস্য ৷