বিশ্বনাথ, 25 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ সমান্তৰালকৈ বিশ্বনাথত জিলাতো তীব্ৰ গতিত বৃদ্ধি পাইছে ক'ভিড -১৯ ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। জিলা খনত আজি পৰ্যন্ত ৮৮ জনকৈ লোকৰ দেহত চিনাক্ত হৈছে কভিড-১৯ অৱস্থিতি। কৰ'ণাৰ এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে বিশ্বনাথ জিলা প্ৰশাসন ।
জিলাখনত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত বিশ্বনাথ জিলাৰ চৰকাৰী আৰু বে-চৰকাৰী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰে প্ৰশাসনে। দেওবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বিশ্বনাথ জিলাৰ কাৰ্যবাহী দণ্ডাধীশে এক চৰকাৰী নিৰ্দেশনা যোগে ঘোষণা কৰিছে এই বন্ধৰ।