বিশ্বনাথত AJYCPৰ ধৰ্মঘট - assam news
অসমৰ জনসাধৰণৰ জনমতক উপেক্ষা কৰি পূৰ্বৰ কংগ্ৰেছ আৰু এতিয়াৰ শাসনত থকা বিজেপি চৰকাৰখনে জল বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ যি উঠি পৰি লাগিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে সংগঠনটোৱে ৷
বিশ্বনাথ, 4 আগষ্টঃ বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট ৷ অসমৰ বিশেষজ্ঞই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰোধিতা কৰি প্ৰতিবেদন দিয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে যি কোনো মূল্যৰ বিনিময়ত প্ৰকল্পটো নিৰ্মাণ কৰিব খোজা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । অসমৰ জনসাধাৰণৰ জনমতক উপেক্ষা কৰি পূৰ্বৰ কংগ্ৰেছ আৰু এতিয়াৰ শাসনত থকা বিজেপি চৰকাৰ খনে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ উঠি পৰি লাগিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে সংগঠনটোৱে। উত্তৰ অসমৰ ৰাইজৰ মৃত্যুদূত স্বৰূপ হৈ পৰাৰ সম্ভাৱনা থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত ৰাজ্যত বৰ্তমানেও আন্দোলন অব্যাহত ৰাখে ৷ 2011 চনৰ পৰা বন্ধ কৰাৰ দাবীত অসমৰ ৰাইজ তথা বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনে ব্যাপক প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ মাজতে সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নদীবান্ধ আন্দোলনৰ বিৰুদ্ধে সক্ৰিয় হৈ থকা সংগঠনটোৰ বিশ্বনাথ জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য উপস্থিতত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷