অসম

assam

ETV Bharat / state

‘কা’ আৰু ‘EIA’ ৰ বিৰুদ্ধে বিশ্বনাথত ব্যাপক প্ৰতিবাদ - পৰিবেশ প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০

‘‘নাগৰিকত্ব সংশোধনী আইন’’ আৰু ‘‘পৰিবেশ প্ৰভাৱ নিৰূপণ অধিসূচনা 2020’’ ৰ সন্দৰ্ভত বিশ্বনাথত প্ৰতিবাদ অসম জাতীয়বাদী যুৱ ছাত্র পৰিষদৰ ৷

‘কা’ আৰু ‘EIA’ ৰ বিৰুদ্ধে বিশ্বনাথত ব্যাপক প্ৰতিবাদ
‘কা’ আৰু ‘EIA’ ৰ বিৰুদ্ধে বিশ্বনাথত ব্যাপক প্ৰতিবাদ

By

Published : Aug 18, 2020, 2:20 AM IST

বিশ্বনাথ, 18 আগষ্ট : পুনৰ খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা "পৰিবেশ প্ৰভাৱ নিৰূপণ অধিসূচনা 2020" য়ে ।

সোমবাৰে ‘‘নাগৰিকত্ব সংশোধনী আইন’’ আৰু ‘‘পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা 2020’’ ৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত প্ৰতিবাদৰ জোৱাৰ । ৰাজপথত প্ৰতিবাদত নামিল অসম জাতীয়বাদী যুৱ ছাত্র পৰিষদৰ বিশ্বনাথ জিলা সমিতি শতাধিক সদস্য ।

বিশ্বনাথত প্ৰতিবাদ অসম জাতীয়বাদী যুৱ ছাত্র পৰিষদৰ

সংগঠনটোৰ সদস্য সকলে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে EIA 2020 খচৰা গৃহীত কৰিবলৈ বিচৰা হতকাৰি সিদ্ধান্ত বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলিৰ পুলিচ প‌ইন্টত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী তথা মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে চাওক-অৱশেষত নিৰ্বাপনৰ দিশে বাঘজানৰ জুই

ABOUT THE AUTHOR

...view details