অসম

assam

ETV Bharat / state

বিশ্বনাথ জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ AJYCPৰ - AJYCP

বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নৱোদয় বিদ্যালয়(Jawahar Navodaya Vidyalaya) সংযোগী পথ আৱৰ্জনা মুক্ত কৰাৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ বিশ্বনাথ জিলা সমিতিৰ । পৌৰসভা এলেকাৰ আৱৰ্জনা পেলোৱা কাৰ্য তৎকালীনভাৱে বন্ধ কৰাৰ দাবী জনায় সংগঠনটোৱে ।

AJYCP memorandum to Biswanath DC
বিশ্বনাথ জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ AJYCPৰ

By

Published : Jun 11, 2021, 1:44 PM IST

বিশ্বনাথ, 11 জুন: বিশ্বনাথ পৌৰ সভা এলেকাৰ আৱৰ্জনা পেলোৱা স্থানক লৈ সৃষ্টি হোৱা সমস্যা সমাধান কৰাৰ দাবীত শুকুৰবাৰে বিশ্বনাথৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ বিশ্বনাথ জিলা সমিতিয়ে ।

বিশ্বনাথ চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় পথৰ পৰা জৱাহৰ নবোদয় বিদ্যালয় (Jawahar Navodaya Vidyalaya) হৈ বিশ্বনাথ কৃষি মহাবিদ্যালয়, গড়েহাগি গাঁৱকে আদি কেইবাখনো গাঁৱক সাঙুৰি পানীভৰাল গাঁৱৰ সমীপৰ বিশ্বনাথ ঘাটলৈ যোৱা পথেৰে সংযুক্ত হৈছে এটা পথ । সেই পথৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত আছে বিশ্বনাথ পৌৰসভা এলেকাৰ জাৱৰ-জোথৰ পেলোৱা স্থায়ী স্থান । উক্ত স্থানৰ পৰা জৱাহৰ নৱোদয় বিদ্যালয়লৈ দূৰত্বত হ'ব প্ৰায় ১০০ মিটাৰ ।

আৱৰ্জনা পেলোৱা স্থানৰ পৰা ওলোৱা দুৰ্গন্ধই আৱাসিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু, শিক্ষক তথা অন্যান্য কৰ্মচাৰীসকলৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা দেখা দিছে । দ্বিতীয়তে এই আৱৰ্জনা পেলোৱা স্থানৰ পিছফালে বৈ গৈছে সাধাৰু নৈ । দীৰ্ঘদিন ধৰি আৱৰ্জনা পেলাই থকাৰ ফলত ক্ৰমান্বয়ে আৱৰ্জনাবিলাক নদীৰ কাষলৈ বিয়পি পৰিছে আৰু সেয়ে নদীখনৰ পানী প্ৰদূষিত হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈছে ।

আনহাতে, আৱৰ্জনা পেলোৱা স্থানৰ বাবেই উক্ত পথেৰে যাতায়ত কৰিলে মুখত কাপোৰ নোলোৱাকৈ যাব নোৱাৰা অৱস্থা হয় । সম্প্ৰতি ক'ভিড (Covid) মহামাৰীয়ে সৃষ্টি কৰা জটিল সময়ছোৱাত এই কদৰ্যময় পৰিৱেশে দাঁতিকাষৰীয়া আঞ্চলটোৰ সমগ্ৰ পৰিৱেশ প্ৰদূষিত কৰি জনস্বাস্থ্যৰ প্ৰতি বিপদ মাতি আনিছে । সেয়ে, উক্ত স্থানত বিশ্বনাথ চাৰিআলি পৌৰসভা এলেকাৰ আৱৰ্জনা পেলোৱা কাৰ্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ জৰিয়তে তৎকালীনভাৱে বন্ধ কৰাৰ লগতে উক্ত স্থান বিজ্ঞানসন্মতভাৱে পৰিস্কাৰ কৰি প্ৰদূষণ মুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ বিশ্বনাথ জিলা সমিতিয়ে ।

আৱৰ্জনাবোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি নহা কোনো এক নিৰ্দিষ্ট স্থানত পেলাই বিজ্ঞানসন্মত ব্যৱস্থাৰে নিষ্কাশন কৰিব পৰা এক স্থায়ী ব্যৱস্থা কৰিবলৈ দাবী জনায় সংগঠনটোৱে । এই সন্দৰ্ভত সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰুৱাৰ নেতৃত্বত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নাচিৰ আহমেদ, বিশ্বনাথ জিলা সমিতিৰ উপ-সভাপতি অমৰজ্যোতি বৰা, যুটিয়া সম্পাদক নিহাৰ শইকীয়া, বিত্ত সম্পাদক দিগন্ত মিত্ৰ আদি কেইবাগৰাকীও বিষয়ববীয়াই জিলা উপায়ুক্তগৰাকীক সাক্ষাৎ কৰে ।

লগতে পঢ়ক:আমগুৰি আৰক্ষীৰ জালত অবৈধভাৱে সৰবৰাহ কৰা লালীগুড়ৰ বাহন

ABOUT THE AUTHOR

...view details