অসম

assam

ETV Bharat / state

বিশ্বনাথত অসম জাতীয় পৰিষদৰ ৰণডংকা

দেওবাৰে কেইবা সহস্ৰাধিক ৰাইজক লগত লৈ অসম জাতীয় পৰিষদত যোগদান প্ৰাক্তন আছু নেতা দুলদুল বৰকটকীৰ ।

By

Published : Dec 13, 2020, 9:47 PM IST

বিশ্বনাথত অসম জাতীয় পৰিষদৰ ৰণডংকা
বিশ্বনাথত অসম জাতীয় পৰিষদৰ ৰণডংকা

বিশ্বনাথ ১৩ ডিচেম্বৰঃ বিশ্বনাথত দেওবাৰে বিজেপিৰ দুৰ্গ কঁপাই অসম জাতীয় পৰিষদত আনুষ্ঠানিক ভাৱে যোগদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীয়ে । অসম জাতীয় পৰিষদে ভোটাৰৰ মন জয় কৰিবলৈ বিশ্বনাথ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত বিশ্বনাথত অনুষ্ঠিত কৰা এক বিশাল যোগদান কাৰ্যসূচীত প্ৰাক্তন আছু নেতা দুলদুল বৰকটকীয়ে কেইবা সহস্ৰাধিক ৰাইজক লগত লৈ এক বিশাল সমদল কৰি আহি অসম জাতীয় পৰিষদত যোগদান কৰে।

বিশ্বনাথত অসম জাতীয় পৰিষদৰ ৰণডংকা

আনহাতে এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ, বিজেপি তথা অগপ দলৰ প্ৰায় ৬ শতাধিক লোকেও অসম জাতীয় পৰিষদত যোগদান কৰে । দেওবাৰে অনুষ্ঠিত সভাত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকন, ৰাজ্যিক আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীকে ধৰি অসম জাতীয় পৰিষদৰ বহু কেইজন ৰাজ্যিক পৰ্যায়ৰ নেতৃবৃন্দ ।

লগতে পঢ়কঃ এতিয়া বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে শান্তিৰে দিন কটাব পাৰিব:প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details