অসম

assam

ETV Bharat / state

বিশ্বনাথত কেবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল - বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়

বিশ্বনাথত মিত্ৰজোঁট কংগ্ৰেছৰ দলৰ মনোনীত প্ৰাৰ্থী অঞ্জন বৰা, বিশ্বনাথ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলদুল বৰকটকী, বিহালীৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰা, গহপুৰ বিধান সভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী উৎপল বৰাই হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে দাখিল কৰে মনোনয়ন পত্ৰ ।

বিশ্বনাথত কেবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
বিশ্বনাথত কেবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

By

Published : Mar 10, 2021, 10:25 AM IST

বিশ্বনাথ ১০ মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ কাউন্ট ডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত আৰু কেইটামান দিনহে বাকী । ইতিমধ্যে প্ৰায়কেইটা ৰাজনৈতিক দলে প্ৰকাশ কৰিছে প্ৰাৰ্থীত্বৰ তালিকা । তাৰ লগে লগে মনোনয়ন পত্ৰও দাখিল কৰিলে প্ৰাৰ্থীসকলে । তাৰ মাজতে বিশ্বনাথ বিধান সভা সমষ্টিতো কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অঞ্জন বৰাই দাখিল কৰে মনোনয়ন পত্ৰ । মংগলবাৰে কেইবা শতাধিক সমৰ্থকক লগত লৈ বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ । ইপিনে, অঞ্জন বৰাৰ উপৰিও অসম জাতীয় পৰিষদৰ (AJP) প্ৰাৰ্থী দুলদুল বৰকটকীয়েও তিনি শতাধিক সমৰ্থকৰ সৈতে এক সমদলেৰে জিলা উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ ।

বিশ্বনাথত কেবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

ইফালে ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাইও বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে । ৭৮ নং গহপুৰ বিধান সভা সমষ্টিৰ বিজেপি দলৰ মনোনীত
প্ৰাৰ্থী উৎপল বৰাইও হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে গহপুৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন দাখি কৰে ।

লগতে পঢ়ক: বিধানসভা নিৰ্বাচন: প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 456 প্ৰাৰ্থীয়ে

ABOUT THE AUTHOR

...view details