অসম

assam

ETV Bharat / state

বিশ্বনাথত সাংসদ অজিত ভূঞা,মনজিৎ মহন্ত আৰু শান্তনু বৰঠাকুৰৰ মত বিনিময় অনুষ্ঠান

নতুনকৈ গঠন হোৱা দলসমূহক যুক্তিনিষ্ঠ চিন্তাধাৰাৰে মহাজোঁট বন্ধনৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনায় সাংসদ অজিত কুমাৰ ভূঞাই ৷

ajit bhuyan, manjit mahanta at biswanath
বিশ্বনাথত সাংসদ অজিত ভূঞা,মনজিৎ মহন্ত আৰু শান্তনু বৰঠাকুৰৰ মত বিনিময় অনুষ্ঠান

By

Published : Nov 21, 2020, 10:42 PM IST

বিশ্বনাথ ,২১ নৱেম্বৰ:- অসমৰ কা বিৰোধী আন্দোলনৰ বলিষ্ঠ নেতা তথা কা বিৰোধী আন্দোলনৰ পৰাই সাংসদ হোৱা অজিত কুমাৰ ভূঞাই অসমৰ বিভিন্ন ঠাইত ঘূৰি কা আন্দোলনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে অসমৰ ৰাইজৰ স'তে মত বিনিময় কৰি আহিছে । শনিবাৰে বিহালী সমষ্টিৰ বেদেতীৰ অমিয় ভৱনত অনুষ্ঠিত হোৱা এখনি মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই "মহাজোট বন্ধন"ৰ চিন্তা চৰ্চা ইতিমধ্যে বহু আগ বাঢ়িছে বুলি জানিবলৈ দিয়ে । তেওঁ কয় যে, ৰাইজে গোটেই কথাবোৰ এতিয়ালৈকে জনা নাই । নতুনকৈ গঠন হোৱা দলসমূহক যুক্তিনিষ্ঠ চিন্তাধাৰাৰে মহাজোঁট বন্ধনৰ বাবে আগুৱাই আহিব লাগে । ডাঙৰ শত্ৰুক পৰাস্ত কৰিবলৈ সৰু শত্ৰুবোৰ একেলগ হ'ব লাগে । এই কথাবোৰ এটা সময়ত অখিল গগৈয়ে কৈছিল । এতিয়া তেওঁলোকৰ মত সলনি হৈছে । দলসমূহে তেওঁলোকৰ এজেণ্ডাবোৰ জনাওক, সকলো মিলি উমৈহতীয়া কিছুমান কাৰ্যসূচীলৈ নিৰ্বাচনী যুঁজত একেলগে যুঁজিলেহে ২০২১ত বিজেপিক পৰাস্ত কৰিব পৰা যাব ।

বিশ্বনাথত সাংসদ অজিত ভূঞা,মনজিৎ মহন্ত আৰু শান্তনু বৰঠাকুৰৰ মত বিনিময় অনুষ্ঠান

সাংসদগৰাকীয়ে লগতে কয় যে, বিজেপিয়ে সামাজিক উন্নয়নৰ এটাও কাম কৰিব পৰা নাই কাৰণে মোগল, মিঞা এইবোৰ বিভেদৰ কথা প্ৰচাৰ কৰি ৰাইজৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰিবলগীয়া হৈছে । বিজেপিক ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰা হ'ল নে নহ'ল এতিয়া প্ৰশ্ন কৰাৰ সময় । হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত মুখ্যমন্ত্ৰী আসনখন লৈ শীতল যুদ্ধ চলি আছে । আৰএছএছক সন্তোষ্ট কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই বহুত মিচা কথা ক’বলগীয়া হৈছে । কেতিয়াবা খোজকাঢ়িছে, কেতিয়াবা চাইকেল চলাইছে, কেতিয়াবা মটৰ চাইকেলত উঠি নিজৰ শক্তি পৰীক্ষা দিবলগীয়া হৈছে । ২০২১ত যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব পাৰিব সেই আশাও ক্ষীণ বুলি সভাত মন্তব্য কৰে সাংসদগৰাকীয়ে ।

বিশ্বনাথত সাংসদ অজিত ভূঞা,মনজিৎ মহন্ত আৰু শান্তনু বৰঠাকুৰৰ মত বিনিময় অনুষ্ঠান

আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে চাৰিশৰীয়া পথ নিৰ্মাণত বিহালীৰ ক্ষতিগ্ৰস্তসকলৰ ক্ষতিপূৰণৰ আৰু ৰাইজৰ সমস্যাৰ ক্ষেত্ৰত স্থানীয় বিধায়কগৰাকীয়ে কোনো গুৰুত্ব দিয়া নাই বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে । আঞ্চলিক গণমৰ্চাৰ সমন্বয়ক মনজিৎ মহন্তই মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি কা বিৰোধী সকলো শক্তি তথা সংগঠন একত্ৰিত হৈ কা আন্দোলনক অধিক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ লগতে সভাত উপস্থিত সকলো জনসাধাৰণৰ মাজত বিজেপিৰ ভ্ৰষ্টাচাৰী কামসমূহ প্ৰচাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে আৰু কয় যে, সুস্থ অৰ্থনীতি, সুস্থ ৰাজনীতি ধ্বংস হ’লে গঢ়ি তুলিব পাৰি ৷ কিন্তু সংস্কৃতি ধ্বংস হ’লে পুনৰ গঢ়ি তুলিব নোৱাৰি ।

বিশ্বনাথত সাংসদ অজিত ভূঞা,মনজিৎ মহন্ত আৰু শান্তনু বৰঠাকুৰৰ মত বিনিময় অনুষ্ঠান

লগতে পঢ়ক: দেওবাৰে পুনৰ অনুষ্ঠিত হ'ব বহু বিতৰ্কিত আৰক্ষী উপ পৰিদৰ্শকৰ পৰীক্ষা

ABOUT THE AUTHOR

...view details