অসম

assam

ETV Bharat / state

Loksabha election 2024: বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচী ৰূপায়ণ - tea gardens in Assam

২০২৪ নিৰ্বাচনক লক্ষ্য লৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে । ৰাজ্যজুৰি অব্যাহত ৰাখিছে 'বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী । বৃহস্পতিবাৰে বিশ্বনাথৰ কেইবাখনো চাহ বাগিচাত 'বাগানে বাগানে কংগ্ৰেছ' কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে জ্যেষ্ঠ নেতা পৱন সিং ঘটোৱাৰকে আদি কৰি ভালেকেইজন কংগ্ৰেছী নেতাই ।

Congress leaders slams BJP in Biswanath
বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচী ৰূপায়ণ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 11:14 AM IST

বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচী ৰূপায়ণ

বিশ্বনাথ, ২২ ছেপ্টেম্বৰ: আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে আৰম্ভ কৰিছে 'বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বিশ্বনাথতো 'বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচীত কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতা উপস্থিত হয় । বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ পৰা আৰম্ভ কৰা যাত্ৰাত প্ৰথমে দলটো দিনৰ ১২ বজাত প্ৰতাপগড় চাহ বাগিচাৰ বুঢ়াবাবা থানত উপস্থিত হৈ ভগৱন্তৰ ওচৰত সেৱা লয় ।

প্ৰতাপগড় চাহ বাগিচাত উপস্থিত হৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘটোৱাৰ, প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, ৰাণা গোস্বামী, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, সঞ্জু বৰুৱাকে আদি কৰি কংগ্ৰেছৰ শীৰ্ষ নেতাকৰ্মীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৈতে মত-বিনিময় কৰে । মত বিনিময় পৰ্বত প্ৰায় শতাধিক চাহ শ্রমিকে অংশগ্ৰহণ কৰে । BJP চৰকাৰক তীক্ষ্ণ সমালোচনাৰে থকা-সৰকা কৰে ৰাণা গোস্বামীকে আদি কৰি অন্যান্য কংগ্ৰেছকৰ্মীসকলে ।

চাহ শ্ৰমিকসকলক বিপিএল কাৰ্ড, অৰুণোদয়কে ধৰি কোনো আঁচনিয়ে বৰ্তমানলৈকে ঢুকি পোৱা নাই বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছী নেতাসকলে । চাহ শ্ৰমিকসকলক বিজেপি চৰকাৰে কেৱল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰে । সমান্তৰালভাৱে কৰম পূজাত চাহ বাগিচাৰ শ্ৰমিকসকলক দিয়া বন্ধৰ পৰিৱৰ্তে আন বন্ধ দিনত শ্ৰম কৰিবলৈ দিয়া সন্দৰ্ভতো তীব্ৰ সমালোচনা কৰে কংগ্ৰেছে ।

ইয়াৰ পাছতে চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ খেলপথাৰত এখন সভাত অংশগ্ৰহণ কৰে নেতা-কৰ্মীসকলে । উক্ত সভাৰ পিছত চাহ বাগিচাৰ শ্ৰমিকৰ ঘৰত একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি সামৰণি মাৰে ‘বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচীৰ ।

লগতে পঢ়ক:Womens reservation Bill: নাৰী শক্তি বন্দন অধিনয়ম শীঘ্ৰে ৰূপায়ণৰ দাবী সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ

ABOUT THE AUTHOR

...view details