অসম

assam

ETV Bharat / state

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যজুৰি তৎপৰ আৰক্ষী - তন্ন তন্নকৈ তালাচী

স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন ৷ দেশত 73সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি চলি আছে ৷ স্বাধীনতা দিৱসৰ পূৰ্বেই যাতে ৰাজ্যত কোনো কূটাঘাত সংঘটিত নহয় তাৰ বাবে অধিক সষ্টম হৈ পৰিছে অসম আৰক্ষী ৷ ৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত আছে তালাচী অভিযান ৷

স্বাধীনতা দিৱসৰ পূৰ্বেই আৰক্ষীৰ তালাচী অভিযান

By

Published : Aug 11, 2019, 11:39 PM IST

বিশ্বনাথ আৰু শদিয়া, 11 আগষ্টঃ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী ৷ দেশত 73সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি চলি থকাৰ সময়তে ৰাজ্যক সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷ দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে চলায় তালাচী অভিযান ৷ বিশ্বনাথৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু কাকপথাৰৰ 52নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলায় প্ৰতিখন বাহনত ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত যাতে কোনোধৰনৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে এইদৰে তালাচী অভিযান চলায় আৰক্ষীয়ে ৷

স্বাধীনতা দিৱসৰ পূৰ্বেই আৰক্ষীৰ তালাচী অভিযান

ABOUT THE AUTHOR

...view details