বিশ্বনাথ, 11 জানুৱাৰী :সুদীৰ্ঘ পাঁচটা দশকৰ পাচত মিলন মাতৃ-পুত্ৰৰ ৷ আনন্দত আত্মহাৰা হৈ পৰিছে বৃদ্ধ মাতৃ তথা পৰিয়ালৰ আত্মীয় স্বজন ৷ উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ গেলাপুখুৰী গাঁৱৰ মহেন্দ্ৰ লালাৰ বাসগৃহত (Mother and son meet each other five decades) ৷ প্ৰায় 50 বছৰৰ পূৰ্বৰ ১৩ বছৰীয়া মহেন্দ্ৰ লালাৰ বয়স এতিয়া ৬০ বছৰ হ'ল ৷ 60 বছৰ বয়সত মাতৃৰ বুকুৰ উম বিচাৰি উধাতু খাই অৰুণাচল প্ৰদেশৰ পৰা আহিল মহেন্দ্ৰ (Mahendra Lala comes back to home after five decades) ৷ নিজ মাতৃভূমিৰ গোন্ধই যেন টানি আনিছে মহেন্দ্ৰ লালক ৷
ঘটনাৰ স্থান বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ গেলাপুখুৰী গাঁও ৷ প্ৰায় 50 বছৰৰ পূৰ্বৰ ১৩ বছৰীয়া মহেন্দ্ৰ লালা হঠাৎ হৈছিল নিৰুদ্দেশ ৷ তাৰ পাচত পৰিয়াল তথা আত্মীয়-স্বজনৰ মাজত লাগিছিল হাহাকাৰ ৷ 13 বছৰীয়া মহেন্দ্ৰক বিচাৰি সকলো চলাথ কৰিছিল তেওঁৰ পৰিয়ালে ৷ কিন্তু কোনেও ক’তোৱে সূং-সূত্ৰ উলিয়াব নোৱাৰিলে মহেন্দ্ৰৰ ৷
সময় পাৰ হ’ল ৷ বছৰো পাৰ হ’ল ৷ কিন্তু ঘৰলৈহে নাহিল মহেন্দ্ৰ ৷ মাহেন্দ্ৰ মাতৃৰ এটাই আশা সোনকালে যেন ঘূৰি আহে তেওঁৰ সেই 13 বছৰীয়া নিৰুদ্দেশ হোৱা সন্তানটো ৷ ভগৱানৰ ওচৰত শেষ ভৰষা কৰিয়েই মাহৰ পাচত মাহ, বছৰৰ পাচত বছৰ প্ৰতিদিনে পদূলিলৈ বাট চাই ৰ’ল মহেন্দ্ৰৰ মাতৃ ৷
কালৰো কি যে মহিমা ৷ অৱশেষত সুদীৰ্ঘ পাঁচটা দশকৰ মূৰত হঠাৎ গেলাপুখুৰী গাঁওখনত উপস্থিত হ’ল 13 বছৰ বয়সতে নিৰুদ্দেশ হোৱা মহেন্দ্ৰ লালা ৷ তেতিয়াৰ 13 বছৰীয়া মহেন্দ্ৰ এতিয়া 60 বছৰীয়া হ’ল ৷ প্ৰায় 50 বছৰৰ অন্তত নিজ সন্তানক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিল মহেন্দ্ৰৰ বৃদ্ধা মাতৃ তথা তেওঁৰ পৰিয়ালৰ লোক ৷ সুদীৰ্ঘ বিৰতিৰ অন্তত মহেন্দ্ৰক কাষত পাই বৃদ্ধা মাতৃৰ চকুৱেদি বৈ আহিল আনন্দৰ চকুলো ৷ যেন সুদীৰ্ঘ বিৰতিৰ মূৰত পৰিয়ালটোৱে উদযাপন কৰিছে উৎসৱ ৷