চতিয়া/বিশ্বনাথ, ৩১ মে':জামুগুৰিহাটৰ নিকটৱৰ্তী ইটাখোলাত উচ্ছেদ অভিযান(Eviction drive in Itakhola) । বিশ্বনাথ প্ৰশাসনৰ দ্বাৰা চলিল এই উচ্ছেদ অভিযান । দীৰ্ঘদিন ধৰি চৰকাৰী মাটি বেদখল কৰি একাংশ লোকে চলাই গৈছিল ব্যৱসায়(Business was run by encroaching land) । মঙলবাৰে পুৱা আঠ বজাৰ পৰা আৰম্ভ হয় এই উচ্ছেদ অভিযান ।
চতিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত ইটাখোলাৰ ৪৫ টাৰো অধিক ব্যৱসায়িক কেন্দ্ৰ জেচিবিৰে ভাঙি লণ্ড-ভণ্ড কৰিলে প্ৰশাসনে । ইয়াৰোপৰি ইটাখোলা সাপ্তাহিক বজাৰৰ আশে-পাশে থকা অবৈধ গৃহসমূহতো জিলা প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদ চলোৱা হ'ব বুলি চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।